Thief terror in Kamalpur : নিজৰ পদূলিমুখৰ পৰা চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন
নিউজ ডেস্ক,১ ছেপ্তেম্বৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷
বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে ম’বাইল চুৰিৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল ৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে(Thief terro in Kamalpur) ৷
নিজৰ পদূলিমুখতে বৰ্তমান সুৰক্ষিত নহয় যেন মহিলা ।
এইবাৰ নিজৰ পদূলিমুখৰ পৰা চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ চেঁচাত ভয়ংকৰ ঘটনা। শনিবাৰে সন্ধিয়া প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী প্ৰণীতা দেৱীয়ে এখন সভাৰ পৰা আহি আছিল। সেই সময়তে প্ৰণীতা দেৱীক অনুসৰণ কৰি পিছ ফালৰ গৈ আছিল এখন দুচকীয়া বাহন।
দুচকীয়া বাহনৰ পৰা কোনোবাই ক’লৈ যাব বুলি সোধে প্ৰণীতা দেৱীক আৰু যুৱকজনে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন লৈ উধাও হয়। ঘটনা সন্দৰ্ভত প্ৰণীতা দেৱীয়ে কমলপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ। কিন্তু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত(Thief terror in Kamalpur)।
লগতে পঢ়ক : Sensational incident : নাবালিকাক শ্লীলতাহানিৰ চেষ্টা কৰি ৰঙাঘৰৰ আলহী হ’ল ফেৰীৱলা