Thief detained for stealing from shops: নৱাগত শিমলীতোলা বজাৰত গভাইত চোৰ আটক
নগৰবেৰা,২৮জানুৱাৰী : নৱাগত শিমলীতোলা বজাৰত গভাইত চোৰ আটক
গোৱালপাৰা জিলাৰ নৱাগত শিমলীতোলা বজাৰত নিশা ভাগত একাংশ লোকে গভাইত চোৰ আটক কৰে।
জানিব পৰা মতে বৰপথাৰ শালপাৰা গাঁওৰ সমেজ উদ্দিনৰ পুত্ৰ মনিৰুল ইছলাম নামৰ চোৰজনে নিশা বজাৰখনৰ অহেদ আলীৰ দোকানৰ পৰা ৬ হাজাৰ টকাৰ লগতে আন এখন মোবাইল দোকানৰ পৰা এটা নতুন মোবাইল চুৰ কৰাৰ পিছত ধৰা পৰে। বিভিন্ন চুৰি কাৰ্যত জড়িত চোৰজনক পিছত নবাগত শিমলীতোলা বজাৰ কমিটিৰ লগতে উপস্থিত ৰাইজে স্থানীয় আৰক্ষীক গতাই দিয়ে। ৰাইজে আটকাধীন চোৰজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনক দাবী জনাইছে(Thief detained for stealing from shops)।
লগতে পঢ়ক :Amit Shah takes dip in Maha Kumbh: মহাকুম্ভ মেলাত স্নান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ