ঢকুৱাখনাৰ দুই গভাইত চোৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২২ মাৰ্চ: সুদীর্ঘ দিন ধৰি ঢকুৱাখনা নগৰত চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰে ৰঙা ঘৰৰ আলহী হ’ব লগা হ’ল ।ঢকুৱাখনাৰ দুই গভাইত চোৰ বৃহস্পতি বাৰৰ পুৱা ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ঢকুৱাখনা সদৰ থানাৰ কনিষ্টবল বীৰেন চাংমাইৰ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষী কনিষ্টবলজনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।জানিব পৰা মতে চোৰ দুটা গাঁওৰ প্ৰয়াত গোপাল দাসৰ পুত্ৰ মৃদুল দাস আৰু সুঁতিমুখ গাঁওৰ জয়মঙ্গল দাসৰ পুত্ৰ বিপুল দাস। আৰক্ষীয়ে দুয়োটা চোৰৰ ঘৰত তালাচী চলাই পানী উঠোৱা মটৰ , পিতলৰ তৌ ,পিতলৰ লোটা, বাল্টি, বৈদ্যুতিক ফেন আদি বিভিন্ন মূল্যবান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঢকুৱাখনা নগৰত এটা চৌর্য বৃত্তিধাৰী গেং ক নেতৃত্ব প্ৰদান কৰি অহা এই দুই চোৰক সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।