These people Avoid Curd in Winters : শীতকালত এই লোকে ভুলতো নাখাব দৈ; ন’হলে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি
দৈ আমাৰ সমাজৰ এটা চিনাকি নাম। অসমত দৈ এবিধ প্ৰিয় খাদ্য। দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব ভাল ৷ দৈত প্ৰচুৰ পুষ্টি পোৱা যায়, যি আমাৰ দেহৰ বাবে উপকাৰী ৷ দৈ খোৱা বা দৈৰ ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। দৈত অত্যাধিক পুষ্টিকৰ উপাদান থাকে। সেয়েহে দৈক জীৱন দায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হয়(These people Avoid Curd in Winters)।
দৈ হৈছে গাখীৰৰ দ্বাৰা উৎপন্ন এবিধ খাদ্য সামগ্ৰী ৷ আমি ইচ্ছা কৰিলেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি ল’ব পাৰো ৷ প্ৰকৃততে, বেক্টেৰিয়াৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় ৷ গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে ৷ সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি হয় ৷
দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।যাৰ বাবে বহুতেই দৈনিক দৈ খায়। কিন্তু শীতকালত দৈ খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। শীতকালত দৈ খোৱাৰ ফলত চৰ্দি, কাহ, কফ আদিৰ সমস্যাই মাৰাত্মক ৰূপ লয়। সেয়েহে, এই দিনকেইটাত ৰাতিপুৱা আৰু ৰাতি দৈ নোখোৱাই ভাল।
দৈৰ বহু স্বাস্থ্য উপকাৰিতা থাকিলেও কিছুমান লোকে ঠাণ্ডা বতৰত দৈ খোৱা পৰিহাৰ কৰিব লাগে। চৰ্দি, কাহ আৰু কফৰ সমস্যাত ভূগি থকা সকলে দৈ খালে এই সমস্যা আৰু বৃদ্ধি হ’ব পাৰে।
কোন লোকে ঠাণ্ডাত দৈ পৰিহাৰ কৰিব লাগে, জানো আহক(These people Avoid Curd in Winters)-
হাপানী ৰোগী
যদি আপুনি হাপানী ৰোগী, তেন্তে ঠাণ্ডাত দৈ খোৱা পৰিহাৰ কৰিব। কিয়নো দৈ টেঙা হোৱাৰ ফলত ই শ্লেষ্মা বৃদ্ধি কৰিব পাৰে। হাপানীৰ সমস্যাত দৈ খোৱাৰ বাবে ই বুকুত কফ হয়।যিয়ে, উশাহ-নিশাহৰ সৈতে সম্পৰ্কিত সমস্যাৰ সৃষ্টি কৰে।ইয়াৰ পাছতো যদি আপুনি দৈ খাবলৈ বিচাৰে, তেন্তে খুব কম পৰিমাণে খাব।
আৰ্থ্ৰাইটিছ ৰোগী
দৈ হাড় আৰু দাঁতৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু যদি আপোনাৰ ইতিমধ্যে আৰ্থ্ৰাইটিছৰ সমস্যা আছে, তেন্তে আপুনি দৈ খোৱা পৰিহাৰ কৰা উচিত। দৈৰ অত্যাধিক সেৱন আৰ্থ্ৰাইটিছ ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। ই গাঁঠিৰ বিষ আৰু ফুলা সমস্যা বৃদ্ধি কৰিব পাৰে।বিশেষকৈ ঠাণ্ডা দিনত এনে ৰোগীসকলে ভুলতো দৈ খাব নালাগে।
যাৰ পাচন তন্ত্ৰ দুৰ্বল
যদি আপোনাৰ পাচন তন্ত্ৰ দুৰ্বল, তেন্তে দৈ নাখাব। পাকস্থলীত গেছ আৰু এচিডিটি থাকিলেও দৈ একেবাৰে নাখাব। বিশেষকৈ ৰাতি খাদ্যৰ সৈতে দৈ খালে ই বদহজমৰ সমস্যা বৃদ্ধি কৰে।
লেক্টোজ অসহিষ্ণুতাত ভুগি থকাসকল
লেক্টোজ অসহিষ্ণুতাত ভুগি থকা লোকসকলেও দৈ খোৱা পৰিহাৰ কৰিব লাগে। লেক্টোজ অসহিষ্ণু মানুহৰ গাখীৰ আৰু দৈ হজম নহয়। এনে পৰিস্থিতিত, দৈ সেৱন কৰিলে ডায়েৰিয়া আৰু পেটৰ বিষৰ সমস্যা হ’ব পাৰে।এই লোকসকলে চিকিৎসকৰ পৰামৰ্শৰ পিছতহে দৈ খাব লাগে।আনহাতে, চাইনাছত ভোগীথকাসকলেও দৈ খাব নালাগে, অন্যথা এই সমস্যাটো বাঢ়িব পাৰে।