Local, Vocal, Global

There’s stir over sexual assault incident in South Kamrup : যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপত চাঞ্চল্য; পলাশবাৰী আৰক্ষী চকীৰ ৪ আৰক্ষীক নিলম্বন

নিউজ ডেস্ক,২জুন : যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপত চাঞ্চল্য । পলাশবাৰী আৰক্ষী চকীৰ ৪ আৰক্ষীক নিলম্বন । যৌন নিৰ্যাতনৰ ঘটনাক গাপ দিয়াৰ অভিযোগত নিলম্বন আটাইকেইজনক ।

RSS নেতাৰ ভয় ভাবুকিৰ পৰিণতিত অশান্ত হৈ পৰিল সমগ্ৰ অঞ্চল । যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত পিতৃ,পুত্ৰ বিৰাজ মেধী দক্ষিণ কামৰূপ জিলা RSSৰ প্ৰভাৱশালী নেতা । এইগৰাকী RSS নেতাৰ পিতৃ ৭০ বছৰীয়া ধৰ্মেশ্বৰ মেধীয়ে দীৰ্ঘদিন ধৰি চুবুৰীয়া একাংশ শিশুক বিভিন্ন প্ৰলোভন দেখুওৱাই অকলশৰীয়া পৰিৱেশত যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ।

কিছুদিন পূৰ্বেও পলাশবাৰী হুদুমপুৰ অঞ্চলত ৩ শিশুক নিজৰ কোঠালৈ মাতি নি যৌন কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। অৱশেষত এশ গৰু মাৰিলেও বাঘৰ মৰণ হোৱাৰ দৰেই অৱশেষত পোহৰলৈ আহিল ধৰ্মেশ্বৰ মেধী নামৰ এই বৃদ্ধজনৰ কুকৰ্ম।

কেইবাটাও শিশুৰ মুখেৰে কথাবোৰ শুনাৰ পিছত অভিভাৱক আৰু স্থানীয় লোকে মিলি পলাশবাৰী নগৰ আৰক্ষী চকীত এজাহাৰ দিবলৈ আহিল। কিন্তু আৰক্ষী চকীত থকা কনিষ্টবল শ্ৰীমন্ত হালৈয়ে RSS নেতা বিৰাজ মেধীৰ সৈতে মিতিৰালি পাতি অভিযোগ সন্দৰ্ভত কোনো আলোচনা নকৰাকৈয়ে বিষয়টো গাপ দিবলৈ চেষ্টা চলোৱাৰ লগতে কনিষ্টবলগৰাকীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ কৰিবলৈ গৈ অভিযোগ দিবলৈ অহা লোকসকলোক ভয় ভাবুকি দি এজাহাৰ লিখিবলৈ আৰক্ষী চকীত কাগজ-কলমেই নাই বুলি কৈ ভোক্তভূগী শিশুকেইটিৰ পৰিয়ালক থানাৰ পৰা ওভতাই পঠিওৱাৰ অভিযোগ(There’s stir over sexual assault incident in South Kamrup)।

পৰৱৰ্তী সময়ত এইসকল লোকে পলাশবাৰী আৰক্ষী থানালৈ আহি এজাহাৰ দাখিল কৰাত পোহৰলৈ আহে সকলো কথা। লগে লগেই পলাশবাৰী নগৰ আৰক্ষী চকীৰ কনিষ্টবল শ্ৰীমন্ত হালৈ,হাৱিলদাৰ তৰুণ বড়ো,গৃহৰক্ষী জোৱান ইছমাইল আলী আৰু চালকসহ মুঠ ৪ জনক তাৎক্ষনিকভাৱে নিলম্বন কৰে উৰ্দ্ধতম কৰ্তৃপক্ষই।

তাৰপিছতে ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহন কৰি তদন্ত কৰাত পলায়ন কৰে যৌন নিৰ্যাতনত অভিযুক্ত ৭০ বছৰীয়া ধৰ্মেশ্বেৰ মেধীয়ে। পিতৃৰ এই কু-কৰ্ম ঢাকিবলৈ অভিযুক্ত ধৰ্মেশ্বেৰ মেধীৰ পুত্ৰ তথা RSS নেতা বিৰাজ মেধীয়ে বিভিন্ন লোকক ভয় ভাবুকি দিয়াত সমগ্ৰ পৰিৱেশঅশান্ত হৈ পৰাৰ লগতে ক্ষোভত ফাটি পৰিছে পলাশবাৰীৰ হুদুমপুৰ অঞ্চলৰ জনসাধাৰণ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ। RSS নেতাৰ পিতৃ তথা শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এইগৰাকী ধৰ্মেশ্বৰ মেধীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

লগতে পঢ়ক : 3 drugs peddlers arrested along with drugs : গোলাঘাটত তিনি কোটি টকাৰ হেৰ’ইনসহ আটক তিনি সৰবৰাহকাৰী