আমাৰ চৌপাশে থকা আমলখিৰ আছে যথেষ্ট উপকাৰীতা…
আমাৰ চৌপাশে দেখিবলৈ পোৱা আমলখিৰ আছে যথেষ্ট উপকাৰীতা ৷ প্ৰতিবিধ গছেৰ ঔষধি গুণাগুণ বেলেগ বেলেগ৷ তাৰ ভিতৰত এবিধ হৈছে আমলখি৷ আমাৰ শৰীৰত লগা বিভিন্ন পোষক তত্ত্বৰ প্ৰায়খিনি আমলখিত পোৱা যায়৷ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ লগতে ইয়াত থকা কেলচিয়ামে আমাৰ শৰীৰৰ হাড়বোৰ মজবুত কৰি ৰাখে৷ আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷
আমলখিৰ গুড়ি নতুবা ৰস সেৱন কৰিলে পাচন প্ৰক্ৰিয়াও সক্ৰিয় হৈ থাকে৷ ইয়াত থকা কেৰ’টিনে দৃষ্টিশক্তি বঢ়ায়৷ আমলখি খালে মাংসপেশীৰ বিষৰ পৰা উপশম পাব পাৰি৷ মৌ বা আদাৰ সৈতে ইয়াৰ ৰস সেৱন কৰিলে চৰ্দি, জ্বৰ, আদি নিৰাময় হয়৷ ই আলচাৰও নিৰ্মূল কৰে৷ আমলখি সেৱন বা ইয়াৰ ৰস চুলিত লগালে চুলিৰ উজ্জ্বলতা বঢ়ায়, চুলি নিজম হোৱাৰ লগতে চুলিত হোৱা উফি আঁতৰ কৰে৷
ডায়েবেটিছ ৰোগীয়ে দৈনিক আমলখি খোৱাটো উত্তম৷ প্ৰদূষণ বা আন কোনো কাৰণত যদি আমাৰ ছালখনত খজুৱতি বা দাগ পৰে তেন্তে আমলখি খোৱাটো ভাল, আমলখি খোৱাৰ ফলত এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ সেয়েহে দৈনিক এটাকৈ হ’লেও আমলখি খোৱাটো অতি আৱশ্যক৷
আমলখি এনে এটা ছুপাৰফুড, যিটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। পুৱা খালী পেটত আমলখিৰ ৰস সেৱনে শৰীৰক বহু উপকাৰিতা প্ৰদান কৰাৰ লগতে ওজন হ্ৰাস কৰাটো সহায়ক হয়।