Theft incident in Moran : ৮ বছৰৰ বন্ধুত্বত কালিমা সানিলে বান্ধৱীয়ে
মৰাণ, ১৬অক্টোবৰ : মৰাণত মহিলা প্ৰৱঞ্চক । বান্ধৱীৰ পৰাই চুৰ কৰি লৈ গ’ল স্কুটী । আলমেৰাৰ তলা খুলি নিলে স্কুটীৰ নথি পত্ৰ। মৰাণহাট থানাত এজাহাৰ বান্ধৱীৰ বিৰূদ্ধে
বিগত আঠ বছৰৰ পৰা বন্ধুত্বৰ সম্বন্ধ আৰু অৱশেষত বান্ধৱীৰ পৰাই চুৰি কৰি লৈ গ’ল স্কুটী(Moran Scotty Theft case) ।
এই ঘটনা সংঘটিত হৈছে মৰাণত । মৰাণৰ খটখটিত ভৱানী কৰ্মকাৰ নামৰ মহিলাগৰাকী বিয়াৰ পূৰ্বে আছিল তিনিচুকীয়াত । কৰ্মসূত্ৰে তিনিচুকীয়াত থাকোতে সেই সময়তে চিনাকী হৈছিল টীয়কৰ ৰাণীকা দেৱী শৰ্মা নামৰ যুৱতীগৰাকীৰ সৈতে । তেতিয়াৰে পৰা দুয়ো বান্ধৱী । ভৱানী কৰ্মকাৰ মৰাণৰ খটখটীলৈ বিয়া হৈ অহাৰ পিছতো ৰাণীকা দেৱী শৰ্মা ভৱানীৰ ঘৰলৈ মাজে সময়ে আহে।
কিন্তু যোৱা ২৩ আগষ্টত ভৱানী কৰ্মকাৰ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ৰাণীকা দেৱী শৰ্মাই আলমেৰাৰ তলা খুলি স্কুটিৰ নথি পত্ৰসহ লৈ যায় স্কুটী । উপায়হীন ভৱানী কৰ্মকাৰে বান্ধৱী ৰাণীকা দেৱী শৰ্মাৰ বিৰুদ্ধে মৰাণহাট থানাত এজাহাৰ দিয়ে ।
এজাহাৰৰ ভিত্তিত তিনিচুকীয়াৰ বাৰেকুৰি থানাত আটক কৰে প্ৰৱঞ্চক ৰাণীকা দেৱী শৰ্মাক । আৰক্ষীৰ জেৰাত প্ৰৱঞ্চক ৰাণীকাই স্কুটীখন মাৰ্ঘেৰিটাৰ এটা ছেকেণ্ডহেণ্ড ডিলাৰত ৩০ হাজাৰ টকাত বিক্ৰী কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিছে । এতিয়া প্ৰৱঞ্চক ৰাণীকা দেৱী শৰ্মা জে’ল হাজোতত(Theft incident in Moran) ।
লগতে পঢ়ক : Wildlife Photography of the Year : লণ্ডনত উজ্বলিল অসম সন্তান