Local, Vocal, Global

Theft in Jamugurihat: দিন দুপৰতে চুৰে দোকানত চলালে লুটপাট

জানুগুৰিহাট ,১৬জানুৱাৰী : বালিপৰাৰ খনামুখ ৰঙাজানত চুৰিকাণ্ড। দিন দুপৰতে চুৰে দোকানত চলালে লুট পাট ৷

বালিপৰাৰ খনামুখ ৰঙাজানৰ ‘ ৰহমান হাৰ্ডৱেৰ ‘ নামৰ দোকান খনৰ পৰা দুৰ্বৃত্তই দিনতে লুটি নিলে ৭৪ হাজাৰ টকা । এখন ২২০ পালচাৰ বাইকত অহা দুজন দূৰ্বৃত্তই হেলমেট পৰিধান কৰি দোকান খনৰ ভিতৰত প্ৰৱেশ কৰি কোনো নথকাৰ সুযোগ লৈ দোকানখনৰ কেচ কাউন্টৰৰ পৰা টকাখিনি লৈ উধাও হয়।

ইতিমধ্যে সমগ্ৰ ঘটনা চিচি টিভিত বন্দী হৈ পৰিছে । এই চুৰিৰ ঘটনা সন্দৰ্ভত দোকানৰ স্বত্বাধিকাৰীয়ে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিলৰ কৰিছে । চি চি টিভিৰ ভিডিঅ’ ফুটেজৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীয়ে চোৰৰ সন্ধান অভিযান আৰম্ভ কৰিছে(Theft in Jamugurihat)।

লগতে পঢ়ক :Jonbeel Mela 2025 :জাগীৰোডত আজিৰে পৰা আৰম্ভ জোনবিল মেলা