Local, Vocal, Global

Theft in Jamugurihat: জামুগুৰিহাটত চোৰৰ চাফাই অভিযান

নিউজ ডেস্ক,১৬জানুৱাৰী : জামুগুৰিহাটত পুনৰ চোৰৰ চাফাই অভিযান । জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱত নিশা সংঘটিত হয় এক চুৰিকাণ্ড।

গাঁওখনৰ চেনীৰাম দাস নামৰ লোক জনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে চলায় চাফাই অভিযান(Theft in Jamugurihat)।

নিশা ঘৰখনত প্ৰবেশ কৰা চোৰে লুটি নিলে নগদ ৫০ হাজাৰ টকাৰ লগতে অন্যান্য মূল্যৱান সামগ্ৰী। ঘটনা সন্দৰ্ভত গৃহস্থই জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক :Road accident in Kheorni:নিয়ন্ত্ৰণ হেৰুৱাই কপিলী নৈৰ পাৰত বাগৰিল ট্ৰেক্টৰ;নিহত ট্ৰেক্টৰ চালক