Local, Vocal, Global

Theft in Jamugurihat:জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড

জামুগুৰিহাট,৯ডিচেম্বৰ : জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠান সমুহত চোৰৰ লুটপাত অব্যাহত থকাৰ মাজতে দেওবাৰে নিশাও ঐতিহ্যমণ্ডিত নৰোৱা থান খনত চোৰে চলালে চাফাই অভিযান।

চোৰৰ দলে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানৰ তলা ভাঙি লুটি নিলে কাঁহৰ বৰতাল,ৰূপৰ ফুলিৰ লগতে নগদ ধন।পুৱা নামঘৰীয়া থান খনলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু লগে লগে থান পৰিচালনা সমিতিক বিষয়টো অৱগত কৰে। পিছত জামুগুৰি আৰক্ষীয়ে থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই(Theft in Jamugurihat)।

উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট আৰু চতিয়াৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠান সমুহত বিশেষকৈ নামঘৰ,মন্দিৰ,থানত চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাৰ সমগ্ৰ বিষয়টিয়ে সচেতন ৰাইজক বাৰুকৈয়ে চিন্তিত তুলিছে।

লগতে পঢ়ক :Dead body recovered:শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ