Theft in Hojai : গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সোণ আৰু নগদ ধন

নিউজ ডেস্ক,১৩অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ মাজতে হোজাইত চুৰিকাণ্ড।
হোজাই জিলাৰ অন্তৰ্গত লংকাত শনিবাৰে নিশা কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰে। লংকাৰ ১ নং ৱাৰ্ডৰ কালি মন্দিৰ পথত শনিবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ড। শিক্ষক সাধন পাল তথা তেঁওৰ পৰিয়ালে নিশা পূজা চাব যাওতেই চোৰে সংঘটিত কৰে এই কাণ্ড(Theft in Hojai)।
গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ লকাৰ ভাঙি ৫ ভৰি সোণৰ অলংকাৰ লুটি নিয়ে। ইয়াৰ উপৰি নগদ ৩২ হাজাৰ টকা আৰু কেতবোৰ নথি পত্ৰ চোৰে লুটি লৈ যায়। জানিব পৰা মতে ঘৰৰ পিছফালৰ গ্ৰীলৰ তলা ভাঙি চোৰৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।
উল্লেখ্য যে নিশা পূজা চাই পৰিয়ালটো উভতি অহাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত গৃহস্থই স্থানীয় আৰক্ষীক খবৰ দিছে। ইয়াৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : Baba Siddique Shot Dead: গ্ৰেপ্তাৰ বাবা ছিদ্দিকী হত্যাকাণ্ডত অভিযুক্ত দুজনকৈ শ্বুটাৰক