Theft in Dhing : ধিঙৰ বিদ্যালয়ত চুৰি কাণ্ড; চোৰে লুটি নিলে প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সা-সামগ্ৰী
ধিং,২২অক্টোবৰ : ধিঙৰ বিদ্যালয়ত চুৰি কাণ্ড । বিদ্যালয়ৰ পৰা চোৰে লুটি নিলে প্ৰায় ৫০/ ৬০ হাজাৰ টকাৰ সা – সামগ্ৰী ।
ধিঙত ধাৰাবাহিক ভাবে সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা(Theft in Dhing)।
দেওবাৰে নিশাও চোৰে ধিঙত চলালে লুটপাট । ধিঙৰ ৬১৮ নং তলিবৰ প্ৰাথমিক বিদ্যালয়ত চোৰে চলালে লুটপাট।বিদ্যালয়খনৰ পৰা চোৰে লুটি নিলে চাৰিখনকৈ ফেনৰ লগতে পানীৰ মটৰ, মধ্যাহ্ন ভোজনৰ সা-সামগ্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ খেলৰ সামগ্ৰী ।
উল্লেখ্য যে ধিঙত ধাৰাবাহিক ভাবে সংঘটিত হৈ থকা চুৰি কাণ্ডক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।
লগতে পঢ়ক :Unidentified Body Found in Jagiroad :কপিলী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ