Theft in Chapar: চাপৰত চোৰৰ সন্ত্ৰাস;একে নিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড

চাপৰ,২ফেব্ৰুৱাৰী : চাপৰত চোৰৰ সন্ত্ৰাস। একে নিশাই চাপৰত চোৰে সংঘটিত কৰিলে চাৰিখনকৈ দোকানত চুৰি কাণ্ড।
আৰক্ষী গীজ গিজাই থকাৰ মাজতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বজাৰৰ মাজমজিয়াত চুৰিকাণ্ড। চাপৰ বজাৰৰ N.K জুয়েলাৰীকে ধৰি তিনি দোকানত চোৰৰ হাতোৰা।
ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত চাপৰ বজাৰৰ মাজমজিয়াত নিশা চাৰি খন দোকানত চুৰি হোৱা ঘটনাই ব্যৱসায়িক মোহলক চিন্তিত কৰি তুলিছে।
উল্লেখযোগ্য যে,শনিবাৰে নিশা চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত তথা ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এন কে জুৱেলাৰী নামৰ এখন প্ৰতিষ্ঠিত দোকানৰ টিনপাত কাটি, দোকানৰ ভিতৰত প্ৰৱেশ কৰি দুই লক্ষাধিক টকাৰ সোণ, ৰূপ চুৰি কৰি লৈ যায় বুলি জানিব পৰা গৈছে।
ইপিনে উক্ত নিশাই চোৰে চাপৰৰ এখন হাৰ্ডৱেৰ দোকান, চাইকেলৰ দোকান আৰু গোলামালৰ দোকানত চুৰি কাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। চাপৰ বজাৰত নিশা আৰক্ষীৰ পেট্ৰলিং চলি থকাৰ মাজতে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দোকানত চুৰি হোৱা ঘটনাই চাপৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো উদঙাই দিছে(Theft in Chapar)।
লগতে পঢ়ক :Jamugurihat News : ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ই-ৰিক্সা