Local, Vocal, Global

Theft in Bilasipara: বিলাসীপাৰাৰ টিলাপাৰা বজাৰত মোবাইল চোৰৰ সন্ত্ৰাস

বিলাসীপাৰা,১৮জানুৱাৰী : বিলাসীপাৰাৰ টিলাপাৰা বজাৰত মোবাইল চোৰৰ সন্ত্ৰাস। দীৰ্ঘদিনৰ পৰা টিলাপাৰা বজাৰৰ পৰা চুৰি হৈ আছে মবাইল ফোন।

শুকুৰবাৰে নিশা মোবাইন ফোন চুৰিৰ অভিযোগত আটক কৰে এজনক । টিলাপাৰা বজাৰত মোবাইল চুৰি কৰি থকাৰ সময়ত ৰাইজে হাতে-লোটে আটক কৰে দুধৰ্ষ মোবাইল চোৰজনক(Theft in Bilasipara)।

দীৰ্ঘদিনৰ পৰাই বজাৰখনত ধাৰাবাহিক ভাৱে চুৰি হৈ আছিল বিভিন্নজনৰ মোবাইল ফোন। বজাৰখনত অতি সহজলভ্য হৈ পৰিছিল মোবাইল চুৰিৰ ঘটনা। কেইবাজনীয়া মোবাইল চোৰৰ দলে টাৰ্গেট কৰি লৈছিল বজাৰখনক। আটক হোৱা চোৰজন গৌৰীপুৰৰ কুৰপান আলী মণ্ডল বুলি জানিব পৰা গৈছে। ৰাইজে চোৰজনক আটক কৰি শালকোচা আৰক্ষীক চমজাই দিয়ে।

লগতে পঢ়ক :Budget session of Parliament from January 31:৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন