Theft at sri sri radhakrishna temple : ভগৱানলৈও ভয় নাই চোৰৰ; শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰৰ ৰূপৰ বাঁহী চুৰি

নিউজ ডেস্ক,১জুলাই : এইবাৰ চোৰে হাত দিলে মন্দিৰত । ভগৱানলৈও ভয় নাই চোৰৰ ।
দেওবাৰে নিশা যোৰহাটত চুৰিকাণ্ড । যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াস্থিত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ ৰাধাকৃষ্ণ মূৰ্তিত কৃষ্ণ মূৰ্তিৰ পৰা ৰূপৰ বাঁহী চোৰ । লগতে চোৰে চুৰি কৰি নিলে দানপাত্ৰৰ পৰা নগদ ধন(Theft at sri sri radhakrishna temple in Jorhat) ।
সোমবাৰে পুৱা পূজাৰীয়ে পূজা কৰিবলৈ মন্দিৰলৈ আহোতে কৃষ্ণৰ হাতত বাঁহীটো নেদেখি হতবাক হৈ ৰাইজক খবৰ দিয়ে । পিচত ৰাইজে মন্দিৰৰ পাচফালৰ দৰ্জা ভাঙি চোৰে মন্দিৰত প্ৰবেশ কৰি চুৰি কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰে ।
ইফালে, মন্দিৰৰ ভঁৰাল ঘৰত তলা ভঙাৰ লগতে নিচেই কাষতে মন্দিৰৰ ভিতৰত গাঞ্জা প্ৰত্যক্ষ কৰিছে ৰাইজে । ভাঙৰ ৰাগিতে হয়তো এনে দুঃসাহস কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰে । ইয়াৰ পিচতেই ৰাইজে টীয়ক আৰক্ষী থানাত গোচৰ ৰুজু কৰে (Theft at sri sri radhakrishna temple)।
লগতে পঢ়ক : Three new criminal laws come into force today : সোমবাৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল তিনিখন নতুন আইন