Local, Vocal, Global

পৃথিবীৰ আটাইতকৈ দামী ফলবিধ, এটাৰ দাম ৮ হাজাৰৰ পৰা ১৮ লাখ পৰ্যন্ত

ডিজিটেল ডেস্ক:- পৃথিবীৰ আটাইতকৈ দামী য়ুবৰি নামৰ এই ফলবিধ জাপানৰ। এই দ্বীপৰাষ্ট্ৰখনৰ বাহিৰে আন অঞ্চলত এই ফলবিধৰ খেতি নহয়। দামৰ দৰেই এই ফলবিধৰ সোৱাদো অনন্য। কিন্তু আপোনাৰ, মোৰ দৰে মধ্যবিত্তৰ বাবে এই ফলবিধৰ সোৱাদ লোৱাতো প্ৰায় অকল্পনীয়। কাৰণ আমাৰ দৰে মধ্যবিত্ত মানুহৰ বাবে শাক-পাচলি, ফল-মূলৰ দুই এটকা দাম বাঢ়িলেই হাহাকাৰ লাগে। তেনে পৰিপ্ৰেক্ষিটত লাখটকীয়া এটা ফল কিনি খোৱাটো আকাশত চাংপতাতকৈ কোনো গুণে কম নহয়। য়ুৱৰি ফলৰ দাম কেৱল সোৱাদ, সুগন্ধ, আৰু কেৱল জাপানত হোৱাৰ বাবেই নহয়। ইয়াৰ দামবৃদ্ধিৰ মূলতে আছে ইয়াক উতপাদন কৰোতে হোৱা কষ্ট, যত্ন লওঁতে হোৱা খৰচ।

পৃথিবীৰ যিসকল ভাগ্যৱান ব্যক্তিয়ে এই ফলবিধ খাই পাইছে, তেওঁলোকৰ মতে, যুৱৰি মিঠাৰ কোনো তুলনা নাই। জাপানৰ সৰু চহৰ ইউবাৰীত এই খেতি কৰা হয়। য়ুবৰি ফলবিধ ডাঙৰ হবলৈ ১০০ দিনৰো অধিক সময় লাগে। পুৰঠ হ’লে এই ফলৰ পৰা এটা বিশেষ গোন্ধ ওলায় যি মৌ বা কস্তৃৰি মৃগৰ নাভিৰ ওলোৱা সুগন্ধ দৰে। ছবিত দেখাৰ দৰেই যুবৰিফলটোৰ চাৰিওফালে জটিল আৰু সুক্ষ্ম জাল আগুৰি ধৰে। জাপানত উচ্চ শ্ৰেণীৰ লোকৰ মাজত য়ুৱৰি অভিজাত্যৰ চিন আৰু বিশেষ উপহাৰ হিচাপে গণ্য কৰা হয়।
এই যুৱৰি ফলবিধ তৰমূজৰ পৰিয়ালৰে। দেখাত সাইলাখ সৰু তৰমুজৰ দৰেই। কিন্তু পকিলে অলপ কমলা ৰঙৰ হয়। য়ুবাৰী কেৱল জাপানৰ ইউবাৰীতহে খেতি কৰা হয়। কৃষকসকলে যুৱৰীৰ পুলিবোৰক সৰু সৰু গোটত ভাগ কৰি ৰোপন কৰে। ই কেৱল সেউজ গৃহৰ ভিতৰত কৰা হয়। ইয়াক দুটা প্ৰজাতিৰ তৰমুজ আৰ্লৰ আৰু বাৰ্পিৰ কৰ্চ কৰি সৃষ্টি কৰা হৈছে। কৃষকসকলে যুৱৰী জোপাৰ সকলো পুষ্টিকৰ উপাদান লাভ কৰিবলৈ প্ৰতিজোপা গছত মাত্ৰ এটা তৰমুজহে লাগিবলৈ দিয়ে।

গতিকে এটা য়ুৱৰীৰ দাম ভাবি নোৱৰাকৈ দামী। ওপৰত কোৱা হৈছে যে এটা যুৱৰী দাম ৮ হাজাৰ পৰা ১৮ লাখৰ ভিতৰত।কিন্তু সময় সাপেক্ষে আৰু বকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দাম কম-বেছো হয়। কেতিয়াবা য়ুৱৰীৰ নিলামো হয়। তেতিয়া এটা য়ুৱৰীৰ দাম লাখ পৰ্যন্ট হয় গৈ। খুব পৰপাটিকৈ এই য়ুবৰি খেতি কৃষকসকলে কৰে। আগ্ৰহীসকলে Youtube ত এই খেতিক লৈ বহুত ভাল ভিডিঅ’ আছে। সেইবোৰ চাব পাৰে।