Local, Vocal, Global

ৰেলৱে বিভাগৰ দায়িত্বহীনতাৰ‌ বাবেই প্ৰাণ গʼল‌ দুজনৰ

নিউজ ডেস্ক, ৯ মে’-ধেমাজি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নাহৰলগুন তিনিচুকীয়া ইন্টাৰচিটী ৰেʼলৰ‌ খুন্দাত মৃত্যুক‌ সাবতি‌ ল’ব লগা হʼল দুজনে। ৰেʼলৱে ক্ৰচিংত বেৰিকেট নথকাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনা।

তিনিচুকীয়া ইন্টাৰচিটী ৰেʼলৰ‌ খুন্দাত মৃত্যুক‌ সাবতি‌ ল’ব লগা হʼল দুজনে। ৰেʼলৱে ক্ৰচিংত বেৰিকেট নথকাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনা।
তীব্ৰ বেগী ৰেলখনে মহতিয়াই নিয়ে এখন স্কৰʼপিঅ’। তাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় স্কৰʼপিঅ’ খনৰ চালক দিম্পুল বৰগোহাঁই নামৰ যুৱক জন। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত‌ মৃত্যু হয় অমৰাৱতী দলে নামৰ ৫০ৰ উৰ্দ্ধৰ মহিলা গৰাকীৰ।
ৰেলৱে ক্ৰচিংত বেৰিকেট নথকাৰ বাবেই দুৰ্ঘটনা সংঘটিত হয় বুলি মন্তব্য প্ৰদান কৰিছে স্থানীয় ৰাইজে। ৰেলৱে বিভাগক বেৰিকেটৰ ব্যৱস্থা কৰি দিব অনুৰোধ কৰা পাছতো চৰম গাফিলতিৰ বাবে প্ৰাণ গʼল‌ দুজনৰ।