Local, Vocal, Global

জনতাক মাধমাৰ শোধাই পুনৰ বাঢ়িল টোলটেক্স! ১ এপ্ৰিলৰ পৰা ৰাজ্যত ১০ শতাংশ বৃদ্ধি হ’ব টোল কৰ

ডিজিটেল ডেস্ক:- জনতাক মাধমাৰ শোধাই পুনৰ বাঢ়িল টোল কৰ।১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব নতুন নিৰিখ।১ এপ্ৰিলৰ পৰা ৰাজ্যত ৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হ’ব টোল কৰ।NHAI এ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে জাননী।
১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।

জানিব পৰা মতে, মদনপুৰ টোল গেট -লঘু যান-বাহন ১৩০-১৯৫ টকা,লঘু বাণিজ্যিক বাহন-২১০-৩১৫টকা,বাছ-ট্ৰাক ৪৪০-৬৬০টকা।
নাজিৰাখাত টোল গেট- লঘু যান-বাহন ১৩৫-২০০টকা, লঘু বাণিজ্যিক বাহন ২১৫-৩২৫টকা, বাছ-ট্ৰাক ৪৫৫-৬৮০টকা।
ৰহা টোল গেট – লঘু যান-বাহন ১১৫-১৭০টকা, লঘু বাণিজ্যিক বাহন ১৮৫-২৮০টকা, বাছ-ট্ৰাক ৩৯০-৫৮৫টকা।

আন চাৰিখন টোল প্লাজাতো কাৰ্যকৰী হ’ব নতুন নিৰিখ।আন চাৰিখন টোল গেট হৈছে মান্দেৰডিছা টোল প্লাজা, মিকিৰআটি টোল প্লাজা,বালাছেড়া টোল প্লাজা,গলিয়া টোল প্লাজা।
জাননী অনুসৰি, ব্যক্তিগত চাৰিচকীয়া বাহন এবাৰ টোলগে’ট পাৰ হ’লে সৰ্বাধিক ১৩৫ টকা ভৰিব লাগিব। ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে পৰিশোধ কৰিব লাগিব ২০০ টকা।