Local, Vocal, Global

অসমত ভূৱা বিষয়াৰ জোৱাৰ

নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : অসমত যেন দুৰ্নীতি আৰু ভূৱা বিষয়াৰ জোৱাৰ উঠিছে। দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীত এজন ভুৱা উত্তৰ প্ৰদেশৰ বন বিষয়া আৰু আন দুজনক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি, আৰক্ষীয়ে তেওঁলোকৰ দখলৰ পৰা ভুৱা পৰিচয় পত্ৰ আৰু নেপালী মুদ্ৰা জব্দ কৰে।

ভুৱা বিষয়াজনক উত্তৰ প্ৰদেশৰ বদুয়াৰ (Badua) বাসিন্দা আজব সিং বুলি চিনাক্ত কৰা হৈছে আৰু আন দুজনক ধুবুৰীৰ দক্ষিণ শালমৰাৰ অখিৰ হুছেইন আৰু হানিফ মিত্ৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, তেওঁলোকক এখন পঞ্জীভুক্ত বাইকৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি তিনিওজন অভিযুক্ত ধন দাবীকে ধৰি বহুতো অসামাজিক কাৰ্যকলাপত জড়িত আছিল।

আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকে উত্তৰ প্ৰদেশৰ বনৰ পোছাক পিন্ধি বন বিষয়াৰ চৰকাৰী বাসগৃহৰ চাৰিওফালে সন্দেহজনক ভাৱে ঘূৰি ফুৰিছিল।