বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন স্থগিত কৰা হৈছে

নিউজ ডেস্ক, ১৫ মে’-উল্লেখযোগ্য যে ১৭ আৰু ১৮ মে’ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ (Sadou Assam Karmachari Parishad) ৩৭ সংখ্যক অধিৱেশনখন শিলচৰত অনুষ্ঠিত কৰাৰ কথা আছিল।
কিন্তু বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভূমিস্খলনকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে মেঘালয়ৰ পৰা শিলচৰ সংযোগী পথৰ বহু ঠাইত। ফলত সাধাৰণ যাতায়াত ব্যৱস্থা বিঘ্নিত হোৱাৰ লগতে এন এফ ৰেলৱে ১৭ খন ৰে’লৰ সেৱা বাতিল কৰিছে ।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক শ্যামন্ত দাস আৰু ৩৭ সংখ্যক শিলচৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুদীপ ভট্টাচাৰ্যই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাইছে যে বতৰ অনুকূল নোহোৱা পৰ্যন্ত পুনৰ দিন ঘোষণা কৰা নহয়।