পূজাত মদ বিক্ৰী কৰাৰ কথা আছিল, কিন্তু নোৱাৰিলে কিয়?

নিউজ ডেস্ক :ৰাজ্যৰ চাৰিওফালে এতিয়া কেৱল দুৰ্গোৎসৱৰ আনন্দ উল্লাস৷ তাৰ মাজতে মায়ং আৰক্ষীয়ে আজি এক অভিযান চলাই বিলাতি সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷
১২ কাৰ্টুন সুৰাসহ এখন স্কুটি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় মায়ং আৰক্ষী৷
মায়ং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সুত্রৰ পম খেদি মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বৰদীয়া পাভকাটি গাৱঁৰ পৰা পৰা আটক কৰে বিলাতী সুৰাৰ লগতে যুৱকজনক। ইতিমধ্যে আতকাধিন লোক লোকজনৰ বিৰুদ্ধে মায়ং আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে।