Local, Vocal, Global

জনতাক মাধমাৰ সোধাই পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক, ২২ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনত হোৱা সংঘৰ্ষৰ ফলত ইন্ধনৰ মূল্যত প্ৰভাৱ পৰিব বুলি একাংশই আশংকা কৰিছিল। ইন্ধনৰ মূল্য বৃদ্ধিয়ে পুনৰ জনতাৰ ওপৰত মাধমাৰ সোধাইছে । পেট্ৰ’ল ডিজেলৰ লগতে এইবাৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূ্ল্য।২২ মাৰ্চৰ পৰা ৫০ টকাকৈ বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য। ইয়াৰ পূৰ্বেও ২০২১ চনৰ ৬ অক্টোবৰত বৃদ্ধি হৈছিল ৰন্ধন গেছৰ মূল্য।

জনতাক মাধমাৰ সোধাই পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য

আনহাতে, অ’এমচিয়ে কৰা ঘোষণা অনুসৰি দিল্লীত ১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকাৰ পৰা ৯৪৯.৬৫ টকা লৈ বৃদ্ধি । মুম্বাইত ৯৪৯.৫০ টকা, কোলকাতাত ৯৭৬ টকা আৰু চেন্নাইত ৯৬৫.৫০ টকাকৈ বৃদ্ধি হৈছে চিলিণ্ডাৰৰ মূল্য । ঠিক তেনেদৰে দেশৰ প্ৰতিখন ৰাজ্যতো বৃদ্ধি হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।