Local, Vocal, Global

Health Benefits of Cardamom : স্বাস্থ্যৰ লগত জড়িত ইলাচিৰ উপকাৰিতা

ইলাচী আমাৰ সকলোৰে পৰিচিত । ইলাচীক সাধাৰণতে আমি মুখ সতেজক বা মচলা হিচাপে ব্যৱহাৰ কৰো। কিন্তু ইলাচীয়ে কেৱল ব্যঞ্জনৰ সোৱাদ-গোন্ধ বৃদ্ধি কৰাই নহয়, ইলাচীয়ে আমাৰ শৰীৰটোক বহু প্ৰকাৰে উপকাৰ কৰে। ইলাচীয়ে আমাৰ চৰ্দি-কাহ, হজমৰ সমস্যা সমাধানত অতি কাৰ্যকৰী(Health Benefits of Cardamom)।

আজি আমি ইলাচীয়ে আমাক কি কি বেমাৰৰ পৰা উপশম দিয়ে জানো আহক(The Potential health benefits of cardamom)-

খাদ্য গ্ৰহণৰ পাছত ইলাচী খোৱাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা নহয়। সেয়েহে দীৰ্ঘসময়ৰ বাবে বাহিৰলৈ ওলাই যাবলগীয়া হ’লে লগত ইলাচী ৰাখিব।

যদি আপোনাৰ মুখখন গোন্ধাই থাকে, সেউজীয়া ইলাচী চোবাই থাকিব।

আপুনি যদি সঘনাই ডিঙিৰ বিষত ভোগে, তেন্তে আপোনাৰ বাবে ইলাচী খোৱাটো অতি উপকাৰী।ইয়াৰ বাবে আপুনি খাদ্য গ্ৰহণৰ পাছত ইলাচী খাব পাৰে।

যদি কোনো ব্যক্তিৰ হিকটি বন্ধ নোহোৱা হয়, তেন্তে তেওঁ ইলাচী গ্ৰহণ কৰা উচিত। ইলাচী মুখত লৈ লাহে লাহে চোবাই থাকিলে এই সমস্যাটোৰ সমাধান হয়।

মুখৰ ভিতৰৰ ছাল এৰাই যোৱাটো খুব বেদনাদায়ক।এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ইলাচী গুৰি চেনীৰ সৈতে মিহলি কৰি মুখত লৈ থাকিব। যথেষ্ট লাভাম্বিত হ’ব।

মুখত যিকোনো ধৰণৰ সংক্ৰমণ আঁতৰ কৰাৰ ক্ষেত্ৰটো ইলাচী যথেষ্ট উপকাৰী।

ইলাচীয়ে পেট সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব পাৰে। নিয়মীয়াকৈ ইলাচী খোৱাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল।

ইলাচিয়ে টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও সহায় কৰে।

ডাঙৰ ইলাচীৰ এণ্টিঅক্সিডেণ্ট গুণাগুণ পেশীবোৰ স্বাস্থ্যৱান ৰখাত সহায়ক।

কাহ হ’লে আপুনি ইলাচী খাব পাৰে। ইলাচী কাহৰ বাবে অতি উপকাৰী । ইয়াৰ বাবে আপুনি এটা সৰু ইলাচী, আদা, লং আৰু তুলসীৰ পাত একেলগে খাব লাগিব। এনেদৰে খালে আপুনি খুব সোনকালেই কাহৰ পৰা সকাহ পাব।

ইলাচীয়ে বৃক্কৰ পাথৰ নিৰাময় কৰাতো সহায় কৰে। ইলাচীৰ সৈতে চাহ খালে চৰ্দি আৰু কাহ আৰোগ্য হয়।

লগতে পঢ়ক : Benefits of Neem Leaves for Diabetic Patients : ডায়েবেটিছ ৰোগৰ মহৌষধ নিম পাত