বিগত চাৰি বছৰৰ পাছত চলিত বৰ্ষত HSLCত হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ

নিউজ ডেস্ক, ৭ জুন : অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ SEBA ই আজি ২০২২ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ১০বজাৰ লগে লগে পৰীক্ষাৰ্থীসকলে লাভ কৰিছে ৰিজাল্ট (Result) ।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৪১৯৮৮৭ গৰাকী। ইয়াৰে ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী আছিল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।
উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত ৬৫,১৭৬ গৰাকীয়ে প্ৰথম বিভাগত (First Division), ৯৯,৮৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত (Second Division) আৰু ৬৪,১০১ গৰাকীয়ে তৃতীয় বিভাগত (Third Division) উত্তীৰ্ণ হৈছে।
চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ (Pass Rate) হৈছে ৫৬.৪৯ শতাংশ। বিগত চাৰি বছৰৰ পাছত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে। চলিত বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ।
উল্লেখযোগ্য যে, ২০২১ বৰ্ষত কভিডৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু উক্ত বৰ্ষত ৰাজ্যত ৯০ শতাংশৰ ওপৰত ছাত্ৰ-ছাত্ৰীক পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া হৈছিল।