দলত এতিয়া পুৰণিসকল অৱহেলিত, গুৰুত্বহীন ব্যক্তি- দুখ প্ৰকাশ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাইৰ

নিউজ ডেস্ক,১৩ মাৰ্চঃ দেওবাৰে পুৰণিগুদামত দুখ প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোঁহায়ে কয় যে, ” দলত পুৰণিসকল এতিয়া অৱহেলিত, গুৰুত্বহীন ব্যক্তি।”
নগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ পুৰণিগুদামস্থিত নতুন কাৰ্য্যালয় ভৱনটো উদ্ঘাটন কৰি এই মন্তব্য প্ৰদান কৰে বিজেপিৰ প্ৰবীণ নেতাগৰাকীয়ে।
বিগত কেইটামান দিনত নিৰ্বাচনত এটা বিশেষ বিষয়ে গা কৰি উঠিছিল যে বিজেপিত অৱহেলিত হৈছে পুৰণি কৰ্মী।নগাঁৱত বিগত লোকসভা নিৰ্বাচনত দলৰ পুৰণি তথা জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ পৰিৱৰ্তে ৰূপক শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা আৰম্ভ কৰি হোজাইত শিলাদিত্য দেৱ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰালৈকে ন বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাত সৃষ্টি হৈছিল।মৰিয়নিত ৰূপজ্যোতি কুর্মী,গোলাঘাটত মন্ত্ৰী অজন্তা নেওগকে আদি কৰি বহু কেইজন ন বিজেপিক আগ স্থান দিয়া হৈছিল দলটোত।
নগাঁৱত একেৰাহে ২০ টা বছৰ বিজেপিৰ সাংসদ হিচাপে থকা বিজেপি নেতা ৰাজেন গোহাঁইয়ে মুকলি কৈ প্ৰকাশ কৰিলে ক্ষোভ। ন বিজেপিৰ আগ্ৰাসনৰ বাবে বিজেপি দলত এতিয়া গুৰুত্বহীন হৈ পৰিছে পুৰণি কৰ্মী। নিজকে ন বিজেপিৰ চক্ৰান্ত বলিৰ আখ্যাৰে তেওঁ কৈ এটা সময় আছিল যেতিয়া বিজেপিয়ে যোগদান কৰাটো দূৰৰ কথা প্ৰাৰ্থী বিচাৰি পোৱাটো কঠিন আছিল।