Local, Vocal, Global

CBI ৰ এজন উপ আইনী উপদেষ্টাৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ছেপ্তেম্বৰ : বাতৰি অনুসৰি, বৃহস্পতিবাৰে দক্ষিণ দিল্লীত থকা তেওঁৰ বাসগৃহত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI )ৰ এজন উপ আইনী উপদেষ্টাৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছে।

জিতেন্দ্ৰ কুমাৰ (৪৮) বুলি চিনাক্ত কৰা মৃত CBI বিষয়াজনক তদন্ত সংস্থাটোৰ উপ আইনী উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক  S-22, type-4 Hudco Placeত থকা তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

আৰক্ষীয়ে কৈছিল যে ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছিল, য’ত কোৱা হৈছে যে তেওঁৰ চৰম পদক্ষেপৰ বাবে কোনেও দায়বদ্ধ নহয়।

ইফালে, কুমাৰৰ পত্নী জ্যোতি আৰু ভাতৃ ৰাজেন্দ্ৰ ক্ৰমে মাণ্ডি আৰু চণ্ডিগড়ৰ পৰা আহি দিল্লীত উপস্থিত হৈছে।

আৰক্ষীয়ে কয় যে মৃতদেহটো এটা শৱগৃহত ৰখা হৈছে আৰু শুক্ৰবাৰে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।