Local, Vocal, Global

বাক্সাত লোমহৰ্ষক হত্যাকাণ্ড! ডাইনী সন্দেহত এহাল বৃদ্ধ দম্পতীক হত্যা

নিউজ ডেস্ক, ১২ এপ্ৰিল : শিক্ষিত সমাজত মানসিকতাৰ স্খলন। বাক্সাত সংঘটিত এক চাঞ্চল্যৰ ঘটনা। ডাইনী সজাই হানি-খুঁচি হত্যা কৰিলে এহাল বৃদ্ধ দম্পতীক ।

সভ্য সমাজক লজ্জানত কৰি বাক্সা জিলাৰ ডুমুনী চাহ বাগিচাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। ডাইনীৰ সন্দেহত একেটি পৰিয়ালৰ দুজন লোকক নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাত।

আনহাতে, এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে জিলাখনৰ ডুমুনী আৰক্ষী চকীৰ অন্তৰ্গত ডুমুনী চাহ বাগিচাৰ ১০ নম্বৰ লাইনত।

বাক্সাত লোমহৰ্ষক হত্যাকাণ্ড! ডাইনী সন্দেহত এহাল বৃদ্ধ দম্পতীক হত্যা

উল্লেখযোগ্য যে, বাগিচাখনত ডাইনীৰ সন্দেহত পতি-পত্নী ক্ৰমে শুক্ৰা কচুৱা আৰু বালামদিনা তিৰ্কীক হানি-খুঁচি হত্যা কৰে সুৰজ এক্কা নামৰ এজন লোকে।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি ডুমুনী চাহ বাগিচাৰ সুৰজ এক্কাৰ পৰিয়ালত কিছুমান অদ্ভুত ঘটনা সংঘটিত হোৱাৰ লগতে তেওঁৰ পত্নীও অসুস্থ হৈ আছিল। বহু চিকিৎসা কৰিও কোনো সুফল নোপোৱাত সুৰজ এক্কাই বৃদ্ধ দম্পতীহালক তন্ত্ৰ মন্ত্ৰ কৰা সন্দেহ কৰে আৰু তাৰ পিছতে পতি-পত্নী ক্ৰমে শুক্ৰা কচুৱা আৰু বালামদিনা তিৰ্কীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত দুয়োগৰাকী থিতাতে নিহত হয়।

উল্লেখযোগ্য যে, নিহত দম্পতীহালৰ জীয়ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ডাইনী সন্দেহতে তেওঁৰ পিতৃ মাতৃক হত্যা কৰিছে সুৰজ এক্কাই।

ইতিমধ্যে, ঘটনাস্থলীত ডুমুনী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু মুছলপুৰ আৰক্ষীয়ে হত্যাকাৰী সুৰজ এক্কাক গ্ৰেপ্তাৰ কৰিছে।