গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰীৰ ভূমি হ’ব বিক্ৰী, কোনে কিনিব জানেনে?

নিউজ ডেস্ক : গোৱালপাৰ লোকগীতৰ সম্ৰাজ্ঞী প্ৰতীমা পাণ্ডে বৰুৱাৰ বাসগৃহ এলেকাৰ ভূমি ক্ৰয় কৰিব অসম চৰকাৰে৷ লোক-সংগীতৰ সম্ৰাজ্ঞী গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰীৰ স্মৃতি সংৰক্ষণৰ লগতে তেখেতৰ অমৰ সৃষ্টিক সন্মানন জনোৱাৰ উদ্দেশ্যে অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই ভূমি অসম চৰকাৰে ক্ৰয় কৰি এটা মিউজিয়াম নিৰ্মাণ কৰিব৷ উক্ত মিউজিয়ামত প্ৰেক্ষাগৃহ, লাইব্ৰেৰী, প্ৰতীমা পাণ্ডে বৰুৱাৰ সংগীতৰ সা-সৰঞ্জাম, বিভিন্ন পদক আদি সংৰক্ষণ কৰা হ’ব৷ উক্ত মিউজিয়াম নিৰ্মাণৰ পাছতে চৰকাৰে ৰাইজৰ বাবে মুকলি কৰিব৷ সম্ৰাজ্ঞীৰ সাধনাৰ পীঠস্থান গৌৰীপুৰ মাটিৱাবাগৰ ‘হাৱা মহল’ত শিল্পীগৰাকীৰ অৱদানসমূহক লৈ ঐতিহ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে। প্ৰয়াত শিল্পীগৰাকীৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি ২০ লাখ টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনায়।
পদ্মশ্ৰী, সংগীত নাটক অকাডেমি বঁটা ডি লিট, অসম শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা প্ৰাপ্ত লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড০ ভূপেন হাজৰিকাৰ এৰা বাটৰ সুৰ চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলাইছিল। গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। পিতৃ আছিল প্ৰকৃতিশ বৰুৱা। ‘দেৱদাস’ খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। প্ৰথমে কলকাতাৰ ‘গোখলে মেম’ৰিয়েল স্কুল’ত আৰু পিছলৈ ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত তেখেতে শিক্ষা লাভ কৰিছিল। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও ওৰে জীৱন সংগীতৰ সাধনা কৰি অসমৰ লোকসংগীতৰ ভৰাল চহকী কৰি থৈ গৈছে৷