১০০ কোটিৰ ক্লাবত প্ৰৱেশ ‘দ্য কাশ্মীৰ ফাইলছ’
নিউজ ডেস্ক, ২২ মাৰ্চ : চলচ্চিত্ৰ জগতৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে খলকনিৰ সৃষ্টি কৰিছে । বিগত কিছুদিন ধৰি সকলোৰে মুখত কেৱল ‘দ্য কাশ্মীৰ ফাইলছ’। ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিছে ‘দ্য কাশ্মীৰ ফাইলছ’।‘দ্য কাশ্মীৰ ফাইলছ’ ছবিক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, একাংশই ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে।পৰিচালক বিবেক অগ্নিহোত্ৰীৰ দ্যা কাশ্মীৰ ফাইলছ ছবিখন কাশ্মীৰি পণ্ডিতসকলৰ দুখ-দুৰ্দশাৰ ওপৰত নিৰ্মাণ কৰিছে ।
৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, কেনেদৰে পৰিয়ালৰ ওপৰত অত্যাচাৰ সংঘটিত হৈছিল তাৰে প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে।
আনহাতে, ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ প্ৰসংগত মুখ খুলিছে নানা পাটেকাৰে।অভিনেতাজনে কয় যে, “হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ।দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে।”