‘দা কাশ্মীৰ ফাইলছ’ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান

নিউজ ডেস্ক, ১৯ মাৰ্চঃ বিগত কিছুদিন ধৰি দেশজুৰি চৰ্চিত হৈ আছে ‘দ্য কাশ্মীৰ ফাইলছ’। বলীউডৰ বহু চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিলে গৃহ মন্ত্ৰালয়ে।
বিবেক অগ্নিহোত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে। ছবি পৰিচালক অগ্নিহোত্ৰী সমগ্ৰ ভাৰতবৰ্ষতে য’তেই যাব ত’তেই ৮ গৰাকী চি আৰ পি এফ জোৱানে সুৰক্ষা প্ৰদান কৰিব।
পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছিল যে ছবিখনৰ মুক্তিৰ পিছত তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহিছিল
উল্লেখ্যে যে, ‘দা কাশ্মীৰ ফাইলছ’ত কাশ্মীৰী পণ্ডিতসকলৰ কাহিনী দেখি দৰ্শকসকল আৱেগিক হৈ পৰিছে। এই ছবিখনক লৈ বহুতো বিতৰ্কও আৰম্ভ হৈছে। নেতা-ৰাজনেতাসকলে ছবিখনক লৈ ভিন্ন মন্তব্য কৰাৰ লগতে বহুলোকে এই ছবিখনৰ বিৰোধিতা কৰিছে।
এনে পৰিস্থিতিত বিবেক অগ্নিহোত্ৰী আৰু ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল প্ৰশংসা আৰু সমালোচনা দুয়োটা দিশৰে সন্মুখীন হৈছে।