Local, Vocal, Global

ন্যায়াধীশকো নেৰিলে, ন্যায়াধীশৰ নামত টকা-গিফট কাৰ্ড বিচাৰি মেছেজ

নিউজ ডেস্ক : হাইলাকান্দিত ছাইবাৰ অপৰাধীৰ টাৰ্গেট এগৰাকী ন্যায়াধীশ। হাইলাকান্দিতৰ জিলা আৰু সত্ৰ
ন্যায়াধিশৰ নামতে ভুৱা WhatsApp একাউন্ট খুলি ধনদাবী দুৰ্বৃত্তৰ। হাইলাকান্দিৰ জিলা
সত্ৰ ন্যায়াধিশ সঞ্জয় হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি WhatsApp একাউন্ট যোগে ধন দাবী কৰে।
৭৯০৩৭৯৩২৬২ নম্বৰৰ পৰা WhatsApp প্ৰফাইল তৈয়াৰ কৰি ন্যায়ালয়ৰ বিভিন্ন কৰ্মী তথা
ন্যায়াধীশগৰাকীৰ পৰিচিত লোকক ধন দিবলৈ আহ্বান জনায়। বৃহস্পতিবাৰ পুৱা হাইলাকান্দি ন্যায়ালয়ৰ
ব্যৱস্থাপক অৰিন্দম শৰ্মা আৰু ছিষ্টেম অফিচাৰ প্ৰবিৰ সূত্ৰধাৰক হোৱাটছেপ যোগে ১০ হাজাৰ টকা
মূল্যৰ ২৫খন এমাজন ই-গিফট কাৰ্ড দিয়াৰ আহ্বান জনোৱাৰ পিছতে সকলো ঘটনা পোহৰলৈ আহে।
পিছত ন্যায়াধীশগৰাকীয়ে হাইলাকান্দি সদৰ আৰক্ষী চকীত এই সন্দৰ্ভত এক গোচৰ ৰজু কৰিছে।
বৰ্তমানে হাইলাকান্দি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।