The japi story of nalbari:নলবাৰীৰ বৰভাগজাৰীৰ দম্পতীয়ে জাপি বনাই সমাদৰ লাভ

৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক:অসমীয়া সংস্কৃতিৰ পৰিচয় বহনকাৰী জাপি শিল্পক লৈ আত্মসংস্থাপনৰ পথ মোকলাইছে নলবাৰীৰ টিহুৰ দম্পতীয়ে।নলবাৰী জিলাৰ টিহুৰ নামবৰভাগ মৌজাৰ বৰভাগজাৰী গাঁৱৰ ৰাতুল বৈশ্য আৰু ৰঞ্জু তামুলী বৈশ্যই ব্যতিক্রমী শৈলীৰে বেজ, জাপি প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ পথ মোকলাইছে। সৰু সৰু জাপিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য আৰু অন্য দেশলৈও ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।
তেওঁলোকে প্ৰস্তুত কৰা জাপি সুদূৰ কানাডালৈও ৰপ্তানি কৰা হৈছে।কোনোধৰণৰ চৰকাৰী সা সুবিধা অবিহনেই নলবাৰীৰ বিখ্যাত জাপি উদ্যোগৰ সৈতে জড়িত হৈ আছে এইহাল দম্পতী। জাপিৰ বাবে বিখ্যাত গাঁও মুগকুছিৰ জীয়ৰী ৰঞ্জু তামুলীয়ে ২০০০ চনৰে পৰা এই শিল্পৰ সৈতে জড়িত হৈ আছে। পিতৃৰ পৰা এই জাপি প্ৰস্তুতৰ জ্ঞান আহৰণ কৰি এতিয়া এই শিল্পৰেই জীৱন জীৱিকা আগবঢ়াই নিছে। মেধাবী যুৱক ৰাতুল বৈশ্যৰ সৈতে বিবাহৰ পিছতো নলবাৰীৰ টিহুৰ বৰভাগজাৰীত কল্পতৰু ষ্টোৰ এণ্ড বেম্বো ক্ৰাফটৰ জৰিয়তে জাপি উদ্যোগটো গঢ় দি আগবঢ়াই নিছে।
এইক্ষেত্ৰত সমানেই সহায় আগবঢ়াইছে স্বামীয়ে।ৰাজ্যৰ লগতে বহিঃৰাজ্যতো এই বেজ জাপিৰ আছে যথেষ্ট সমাদৰ। সৰু বাবেই এই জাপি বাহিৰলৈ ৰপ্তানি কৰিবলৈও যথেষ্ট সুবিধাজনক, কেৱল বেজ জাপিয়েই নহয় আন আন বিভিন্ন আটকধুনীয়া জাপিও প্ৰস্তুত কৰে ৰঞ্জু তামুলী বৈশ্যই । এই বৃত্তিৰে পৰিয়াল সুন্দৰকৈ পোহপাল দিব পাৰি বুলি জনাই নতুন প্ৰজন্মক এই জাপি শিল্পৰ প্ৰতি আগবাঢ়ি আহিবলৈ আহ্বান জনায়।