দুটা বছৰৰ মূৰত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ মʼহঘূলি চাপৰিত অনুষ্ঠিত হৈছে ঐতিহাসিক ফাট বিহু
নিউজ ডেস্ক, ১৪ মে’- ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰিত প্ৰত্যেক বছৰে অনুষ্ঠিত হয় । কʼভিদৰ ভয়াৱহতাৰ বাবে বিগত দুটা বছৰৰ মূৰত পুনৰ কালিৰে পৰা অনুষ্ঠিত হৈছে। পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ এই বিহু মাৰিছিল। বৰ্তমান ফাট বিহু ব’হাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়।
বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ব’হাগ বিহুতকৈ ঢকুৱাখনাৰ ফাট বিহু বৈচিত্ৰ্যময় হোৱাৰ কেইটামান অন্যতম দিশ হৈছে- ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ঠাই-ঐতিহ্য, বৈশিষ্ট্যপূৰ্ণ বিহুনাচ, মন-পৰশা সুৰত বিহুনাম আৰু জাতনাম, হুঁচৰি, পোছাক-পৰিচ্ছদ, বিভিন্ন জনগোষ্ঠীৰ অংশ গ্ৰহণ ।
ফাট শব্দটোৰ উৎপত্তিৰ বিষয়ে বিভিন্ন মত আছে তাৰ ভিতৰত হৈছে
জনা যায় যে ২০ শতিকাৰ শেষ ভাগৰ লৈকে ফাট বিহু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পালন কৰা হৈছিল। দেৱালয়ৰ ওচৰৰ লোক সকলৰ মতে সেই দেৱালয়টো শদিয়াৰ পৰা ফাটি অহা লোক কিছুমানে ঢকুৱাখনা লৈ আহি স্থাপিত কৰিছিল। শদিয়াৰ পৰা ফাটি অহা এই বিহুকে ফাট বিহু বোলা হয়। ওচৰৰ বিভিন্ন জনগোষ্ঠীৰ লোকে নিজৰ নিজ গাঁৱত বিহু শেষ কৰি ৭ বহাগৰ দিনাখন হাৰ্হি দেৱালয়ত ফাট বিহু মাৰিছিল। পাছলৈ এই বিহু মহঘূলি চাপৰিত পতা হৈছিল।
ঢকুৱাখনা মহকুমা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত যদিও ১৯৮৯ চনলৈকে ধেমাজি মহকুমাৰ অন্তৰ্গত এটা বিস্তৃত অঞ্চল আছিল। সামগ্ৰিকভাৱে ঢকুৱাখনা বুলি ক’লে ২৭.২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.২৪ পূৱ দ্ৰাঘিমাংশৰ পৰা ৯৮.৪২ পূৱ দ্ৰাঘিমাংশৰ অন্তৰ্গত ভৌগোলিক এলেকাৰ ভূখণ্ডক নিৰ্দেশ কৰে। ঢকুৱাখনাৰ মাটিকালি ৬৫৯ বৰ্গকিলোমিটাৰ। ঢকুৱাখনা অঞ্চলটোক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ সোৱণশিৰিয়ে আৱৰি আছে।
বৰ্তমান ঢকুৱাখনা নগৰৰ দাঁতিয়েদি বৈ যোৱা চাৰিকড়ীয়া নৈৰ পাৰত ফাট বিহু অনুষ্ঠিত হয় । ঔপন্যাসিক হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘গৰখীয়া’ শীৰ্ষক গল্পটোত ফাট বিহু তলিৰ নামটো ম’হঘূলি চাপৰি হিচাপে নামকৰণ কৰিছিল। তেখেতে চাৰিকড়ীয়া নৈৰ উত্তৰ দিশত থকা বৰ্তমান চাৰিকড়ীয়া নৈৰ পকা দলংখনৰ পশ্চিমৰ এটি অৰণ্যময় চাপৰিৰ নাম ম’হ ঘূলি চাপৰি বুলি উল্লেখ কৰিছিল। ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘূলি চাপৰিৰ শিশু গছৰ বাগিছাৰ মাজত স্থায়ীভাৱে মঞ্চ সাজি ফাট বিহু অনুষ্ঠিত হৈ আহিছে।