Local, Vocal, Global

ৰাইজক মাধমাৰ দিবলৈ সাজু চৰকাৰ,পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ দাম…

ডিজিটেল ডেস্ক:- জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ।মাজত মাত্ৰ ৫ দিন ।১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ঔষধৰ নতুন দাম।শীঘ্ৰেই আনুষ্ঠানিক ভাৱে ঘোষণা হ’ব দৰৱৰ নতুন দাম।

জনতাৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈ উঠিছে শাসনাধিষ্ঠ চৰকাৰ। ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব ।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ জানুৱাৰীৰ পৰা এই বছৰৰ জানুৱাৰীলৈ ১২.১২ শতাংশ পৰিৱৰ্তন হোৱা বুলি চৰকাৰে জানিবলৈ দিছে ।১ এপ্ৰিলৰ পৰা বাঢ়িব ১২ শতাংশকৈ ঔষধৰ দাম।

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণতে ব্যৱহাৰ হোৱা ৩৮৪ বিধ ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি হব ।