Flood in Assam: ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ, ৫লাখ লোক ক্ষতিগ্ৰস্ত
বজালী ,২৩ জুন : ৰাজ্যত বানৰ বিধ্বংসী ৰূপ(Flood in Assam)। ৰাজ্যত হৈ থকা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত অভাৱনীয়া পৰিস্থিতিৰ সৃস্থি হৈছে। আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি।বানৰ কৱলত নামনি অসমৰ কেইবাটাও অঞ্চল। বহু ঠাইত মথাউৰি ছিগিছে,ঘৰ-দুৱাৰ ভাঙি নিছে বানে।পথবোৰে ৰূপ লৈছে নদীৰ,কৰ’বাত নদীৰ ধলে খহাই নিছে পথ(Assam flood woes)। অন্ন -বস্ত্ৰ বাসস্থানৰ বাব হাহাকাৰ বন্যাৰ্তৰ মাজত।বৰ্তমান পৰ্যন্ত ৰাজ্যত ২২খন জিলাৰ প্ৰায় ৪.৯৬ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা।
বজালীত বানে লৈছে ভয়ংকৰ ৰূপ(flood situation in Bajali)। বজালীত নিমিষতে বানে উটুৱাই নিছে কেইবাটাও ঘৰ। কালদিয়া আৰু পহুমাৰা নদীৰ বাবে বজালীত সংহাৰী ৰূপ ধাৰণ কৰিছে। বজালীত সম্পূৰ্ণৰূপে জল মগ্ন হৈ পৰিছে বজালীৰ মহকুমা চিকিসালয়ৰ লগতে ভট্টদেৱ বিশ্ববিদ্যালয়। বজালীৰ মথাউৰি ছিগাৰ ফলত কেইবাখনো গাঁৱত হোৰাহোৰে সোমাইছিল পানী ।
বৰ্তমানো অপৰিৱৰ্তি বজালী জিলাৰ বান পৰিস্থিতি । বজালী জিলাৰ ১৯৬খন গাঁৱৰ প্ৰায় ২.৬১ লাখ লোক এতিয়াও বানত কৱলত(2.61 lakh people in 196 villages have been affected flood)। পাঠশালা অঞ্চলৰ কেইবাখনো গাঁও পহুমাৰা নদীৰ বাঢ়নী পানীয়ে ডুবাই পেলাইছে। বানৰ পানীয়ে পাঠশালাৰ স্বাহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় ডুবাই পেলোৱাৰ( Swahid Madan Rauta Sub-Divisional Civil Hospital) ফলত শুকুৰবাৰে চিকিৎসালয় কৰ্তৃপক্ষই সকলো ৰোগীক চিকিৎসালয়ৰ পৰা অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰে।
আনহাতে, পহুমাৰা নদীৰ বাঢ়নী পানীয়ে মেধিকুছি গাঁৱৰ মথাউৰিৰ এক বৃহৎ অংশ ভাঙি বহু ঘৰ উটুৱাই লৈ গৈছে। ক্ষতিগ্ৰস্ত গাঁওবাসীয়ে এতিয়া পথ, মথাউৰি, হাইলেণ্ডত আশ্ৰয় লৈছে।হাহাকাৰময় পৰিস্থিতিৰ সৃস্থি হৈছে ৰাইজৰ মাজত।
প্ৰাপ্ত তথ্য অনুসৰি, বজালী জিলাৰ প্ৰায় ২৯৭.৩০ হেক্টৰ শস্য ভূমি বানৰ পানীয়ে ডুবাই পেলাইছে। আনহাতে,বাঢ়নী পানীয়ে অসমৰ তামুলপুৰৰ কুমাৰীকাটা অঞ্চলৰ এখন দলঙৰ ক্ষতিসাধন কৰে ।
লগতে পঢ়ক : Majuli Nimatighat ferry service : অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতী ফেৰী সেৱা