আকৌ যুদ্ধৰ দাবানল, এইবাৰ কঁপিব পাৰে এছিয়া!

নিউজ ডেস্ক : জাপান-ইউক্ৰেইন যুদ্ধৰ বিভিষিকা ম্লান নহওঁতেই বিশ্বত পুনৰ যুদ্ধৰ দাবানল। জাপানক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই।
জাপানৰ উত্তৰ প্ৰান্তত তথা নিয়ন্ত্ৰণত থকা প্ৰশান্ত মহাসাগৰৰ পানীত পৰিছে কিম জং উনে নিক্ষেপ কৰা বেলিষ্টিক মিছাইলটো।
তাৰ পাছতে হক্কাইডো দ্বীপৰ বাসিন্দাসকলক বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে জাপানৰ।
মিছাইল নিক্ষেপৰ পিছতে সমগ্ৰ জাপানত সতৰ্কতা জাৰি। জৰুৰীকালীনভাৱে টকিঅ’সহ বহু চহৰত বন্ধ কৰিছে ৰেলৰ চলাচল।
উত্তৰ কোৰিয়াৰ এই কাণ্ডক তীব্ৰ সমালোচনা জাপানৰ প্ৰধানমন্ত্ৰীৰ। ততাতৈয়াকৈ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ বৈঠক আহ্বান জাপান চৰকাৰৰ।