চীনত চন্দ পতন মহা প্ৰতাপী ৰাষ্ট্ৰ নেতাৰ! ক্ষমতাৰ পৰা অপসাৰিত হ’ল চীনৰ ৰাষ্ট্ৰপতি

নিউজ ডেস্ক : ২৩ চেপ্তেম্বৰত হঠাৎ চন্দ পতন ঘটিল চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতি জিন পিঙৰ। বিভিন্ন ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা তথ্য অনুসৰি যোৱা ২৩ চেপ্তেম্বৰত পিপ’লচ লিবাৰেচন আৰ্মীয়ে গৃহ বন্দী কৰিছে চীনৰ ৰাষ্ট্ৰপতি গৰাকীক। আৰু চীনৰ বেচৰকাৰী সূত্ৰই সদৰী কৰা মৰ্মে ক্ষমতাৰ পৰা অপসাৰিত কৰা হৈছে জিন পিঙক। অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ঘোষিত নোহোৱা পৰ্যন্ত পিপ’লচ লিবাৰেচন আৰ্মীয়ে চম্ভালি লৈছে বৃহৎ সমাজতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাঘজৰী। একে সময়তে চীনৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ ফটো।
যোৱা ২১ চেপ্তেম্বৰত হুৱানলাই সামৰিক ঘাটিত অনুষ্ঠিত হৈছিল পিপ’লচ লিবাৰেচন আৰ্মীৰ এক গুৰুত্বপূৰ্ণ বৈঠক। দেশৰ সামৰিক ব্যৱস্থাৰ উত্তৰণ আৰু সংস্কাৰৰ বাবে অনুস্থিত কৰা হৈছিল বৈঠক। চীনৰ সংবিধান অনুসৰি দেশৰ ৰাষ্ট্ৰপতিগৰাকী সেনাবাহিনীৰ সৰ্বাধিনায়ক। অৰ্থ্যৎ পিপ’লচ লিবাৰেচন আৰ্মীৰ সৰ্বাধিনায়ক জিন পিং। কিন্তু সেনাবাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠকত ৰাষ্ট্ৰপতি জিন পিং উপস্থিত নাথাকিল কিয়? বেচৰকাৰী সূত্ৰৰ খবৰ অনুসৰি ২১ চেপ্তেম্বৰতে পিপ’লচ লিবাৰেচন আৰ্মীৰ সৰ্বাধিনায়ক পদৰ পৰা অব্যাহতি দিয়া হৈছিল চীনৰ মহাপ্ৰতাপি ৰাষ্ট্ৰপতি গৰাকীক। ২২ চেপ্তেম্বৰত হুৱানলাই সেনাঘাটিৰ পৰা ৰাওনা হয় সেনাবাহিনীৰ বিশাল কনভয়। এই কনভয় ইমানেই ডাঙৰ আছিল যে সামৰিক বাহনৰ দীঘলীয়া শাৰী ৮০ কিলোমিটাৰ পৰ্য্যন্ত বিস্ত্ৰিত আছিল। তাৰ পাছতেই চীনত চঘোষিত হয় জৰুৰী অৱস্থা।
অন্য অৰ্থত বিশ্বৰ বৃহত্তম সমাজতান্ত্ৰিক ৰাষ্ট্ৰ চীনত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। ক্ষমতাৰ পৰা অপসাৰিত হৈছে ৰাষ্ট্ৰপতি জিন পিং। শাসনৰ বাঘজৰী চম্ভালি লৈছে পিপ’লচ লিবাৰেচন আৰ্মীয়ে। অৱশ্যে পিপ’লচ লিবাৰেচন আৰ্মীয়ে অদ্যপি আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই জিন পিঙৰ গৃহবন্দীৰ তথ্য। কিন্তু সমগ্ৰ বিষয়টোকলৈ উদ্বিগ্ন হৈছে বিশ্বৰ নেতৃত্ব। আনহাতে এই খবৰে উৎফুল্লিত কৰিছে টাইৱান আৰু চিংগাপুৰ সহ চীন বিৰুধী বহু ৰাষ্ট্ৰৰ নাগৰিকক। জিন পিঙৰ অপসাৰণে দক্ষিণ-পূব এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ ৰাজনীতিতে এক বিশেষ প্ৰভাৱ পেলোৱাটো প্ৰায় নিশ্চিত। এই দিশত পিপ’লচ লিবাৰেচন আৰ্মীয়ে আনুষ্ঠানিক ঘোষণা কৰিলেহে স্পষ্ট হ’ব চীনৰ ভৱিষ্যত।