Local, Vocal, Global

কেন্দ্ৰৰ বিশ্বাসঘাতকতা! বঙাইগাঁও জিলা বন্ধ ঘোষণা

নিউজ ডেস্ক : কেন্দ্ৰৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে বন্ধ ঘোষণা কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ।
শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া বঙাইগাঁও জিলা বন্ধৰ ঘোষণা কৰিছে কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই।

কোঁচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰাত বন্ধ ঘোষণা কৰিছে। নামনিতো ৬ জনগোষ্ঠীক প্ৰৱঞ্চনাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে।
বঙাইগাঁও চহৰত মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আক্ৰাছুৰ। ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ তুলিছে আক্ৰাছুৱে।