Local, Vocal, Global

কবৰ খান্দি উলিয়ালে বিবাহিত মহিলাৰ মৃতদেহ, কিন্তু কিয়?

নিউজ ডেস্ক: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানা এলেকাৰ পুৰাণ দিয়াৰা গাঁৱত বিবাহিত মহিলাৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীয়ে কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পিতৃ-গৃহৰ অভিযোগৰ ভিত্তিত কবৰস্থানৰ পৰা আৰক্ষীয়ে বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ কৰে৷ পুৰাণ দিয়াৰা গাঁৱৰ আক্কাছ আলীৰ পত্নী নুৰিমা খাতুনৰ (৫৫) মৃতেহ কবৰ খান্দি উলিওৱা বুলি জানিব পৰা গৈছে৷ সোমবাৰে মহিলাগৰাকীৰ মৃত্যু হৈছিল৷ মৃত্যুৰ পাছতে পৰিয়াল, ৰাইজে কবৰ দিছিল৷

মহিলাগৰাকীৰ কবৰ দিয়াৰ পাছত ভাতৃ চহিদুৰ ৰহমানে হত্যাৰ অভিযোগ উত্থাপন কৰি মানকাচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আজি মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত আজি পুৰাণ দিয়াৰা কবৰস্থানৰ কবৰৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজে এজাহাৰকাৰী চহিদুৰ ৰহমানৰ এনে কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা যায়৷

দীৰ্ঘদিন দিন ধৰি মহিলাগৰাকী বেমাৰত ভূগি শেষ নিশ্বাস ত্যাগ কৰা বুলি কয় স্থানীয় ৰাইজে৷ মহিলা গৰাকীৰ ভাতৃয়ে অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰিছে এই অভিযোগ উত্থাপন কৰি এক এজাহাৰকাৰী চহিদুৰ ৰহমানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়৷ আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব কোন সঁচা কোন মিছা৷