Local, Vocal, Global

The band competition of NCC group of North East Zone is held: গুৱাহাটী ইন্দিৰাগান্ধী এথলেটিকচ ষ্টেডিয়াম’ত অনুষ্ঠিত উত্তৰ-পূৱ মণ্ডলৰ NCC গোটৰ বেণ্ডৰ প্ৰতিযোগিতা

নিউজ ডেস্ক,৮ জুলাইঃ গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় উত্তৰ-পূৱ মণ্ডলৰ NCC গোটৰ বেণ্ড’ৰ প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাত অংশ লয় তেজপুৰ,শিলচৰ আৰু গুৱাহাটীৰ লগতে শ্বিলঙৰ খেলুৱৈসকল৷ (Players from Tezpur, Silchar and Guwahati as well as Shillong take part in this competition).অনুষ্ঠানত উপস্থিত থাকে NCC ৰ উত্তৰ-পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান তথা মেজৰ জেনেৰেল গগণ দ্বিপ৷

উল্লেখ্য যে, তেজপুৰৰ ,অষ্টম অসম বেটেলিয়ন নগাঁওক প্ৰথম বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি ধিং খ্ৰীষ্ট জ্যোতি স্কুলে সুন্দৰ বেণ্ড প্ৰদৰ্শন কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হয় মেজৰ জেনেৰেল’ৰ৷ ধিং খ্ৰীষ্টজ্যোতি স্কুল’ৰ এই NCC গোটটিৰ নেতৃত্ব প্ৰদান কৰিছিল CTO মনি বৰাই৷

উত্তৰ পূৱৰ NCC ৰ এই বিশেষ কাৰ্যক্ৰমণিকাত অংশলোৱাৰ উদ্দেশ্য যোৱা পহিলা জুলাইতে মনি বৰাৰ নেতৃত্বত এই NCC গোটটিয়েই সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকচ ষ্টেডিয়াম’ৰ কেম্প’ত অংশ লৈ কঠোৰ অনুশীলনৰ অন্তত আজি আশাব্যঞ্জক প্ৰদৰ্শন আগবঢ়োৱাক লৈ শিক্ষাৰ্থী সকলৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷

লগতে পঢ়কঃ Does not die if admitted to the hospital at the appropriate time:ফেঁটী সাপৰ কামোৰৰ পৰা ৰক্ষা পৰিল ১৬ বছৰীয়া কিশোৰী