Thailand Deputy PM arrives in India for 4-day visit : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী পাৰ্ণপ্ৰী বাহিদ্ধ নুকাৰা
নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী পাৰ্ণপ্ৰী বাহিদ্ধ নুকাৰা৷ সোমবাৰে পুৱতি নিশা নতুন দিল্লীত উপস্থিত হয় থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী গৰাকী(Thailand Deputy PM arrives in India for 4-day visit) ।
এইটোৱেই হ’ল থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী নুকাৰাৰ আনুষ্ঠানিকভাৱে প্ৰথম ভাৰত ভ্ৰমণ । ভাৰত-থাইলেণ্ড যুটীয়া আয়োগৰ দশম বৈঠকত উপস্থিত থকাৰ উদ্দেশ্যৰে ভাৰতত উপস্থিত হয় উপ-প্ৰধানমন্ত্ৰী গৰাকী ৷
জানিব পৰা মতে, মঙলবাৰে দিল্লীৰ হায়দৰাবাদ হাউচত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ভাৰত-থাইলেণ্ড যুটীয়া আয়োগৰ দশম বৈঠকত উপস্থিত থাকিব নুকাৰা । আজিৰে পৰা আৰম্ভ হ’ব নুকাৰাৰ চাৰিদিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণ । ২৮ ফেব্ৰুৱাৰীত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ সামৰণি পৰিব(Thailand Deputy PM Parnpree Bahiddha-Nukara to begin his four-day India visit today)।
মঙলবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰাৰ সম্ভাৱনা পাৰ্ণপ্ৰী বাহিদ্ধ-নুকাৰাৰ ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে X যোগে এটা পোষ্টত কয়, “আন্তৰিকতাৰে আদৰিছো ! থাইলেণ্ডৰ ডেপুটি পিএম এণ্ড এফএম @drparnpreeb ভাৰতলৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত । ই এ এম @DrSJaishankar ৰ যুটীয়া আয়োগৰ দশম বৈঠকত উপস্থিত থাকিব ।”
লগতে পঢ়ক : Mumbai Customs seize gold worth Rs 4 cr over three days : মুম্বাই এয়াৰপ’ৰ্টত জব্দ ৪ কোটিৰো অধিক টকাৰ সোণ