Local, Vocal, Global

Tezpur Flood Situation Grim : তেজপুৰৰ ভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতি

নিউজ ডেস্ক,২জুলাই : বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানে লৈছে ভয়ংকৰ ৰূপ । বৃদ্ধি হৈছে নদী-উপনদীৰ জলপৃষ্ঠ । জলমগ্ন হৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰ তথা ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ ।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে তেজপুৰ চহৰৰ সমীপৱৰ্তী তলকলিবাৰী অঞ্চল । কেইবাটাও ঘৰ জলমগ্ন হৈ পৰাত স্থানীয় লোকে ঘৰৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । প্ৰায় ৫০ টা পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বাঢ়নী পানীয়ে । আনহাতে, তেজপুৰৰ লগতে গহপুৰ অঞ্চলত ৫৬ খন গাঁও জলমগ্ন হোৱা বুলি গহপুৰ মহকুমা বিষয়াই সদৰী কৰিছে ।

ইফালে এই বানৰ কবলত পৰি তেজপুৰৰ ভিন্ন স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা জীৱ-জন্তুৱে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে । তেজপুৰৰ ভৈৰৱী দেৱালয়ৰ সমীপত আশ্ৰয় লৈছে বন্যহস্তীয়ে । এই সময়ছোৱাত তেজপুৰত বন বিভাগে উদ্ধাৰ কৰিছে চাৰিটাকৈ পহু(Tezpur Flood Situation Grim) ।

আনহাতে, সোমবাৰে নিশা তেজপুৰ চহৰৰ সমীপত বনৰীয়া হাতীয়ে বিচৰণ কৰি থকা অৱস্থাত বন বিভাগে দেৱী সিং ঘাটলৈ খেদি পঠিয়াবলৈ সক্ষম হয় । ইফালে তেজপুৰ গণেশঘাটলৈ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে মাতিছে অশনি সংকেত । ক্ৰমান্বয়ে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । গণেশঘাটৰ তলৰ অংশ পানীৰ ঢৌত খহনীয়াৰ আশংকা কৰিছে মন্দিৰৰ সমীপত থকা ব্যৱসায়ীয়ে ।

ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা গণেশ মন্দিৰৰ কাষতে যাত্ৰীৰ বাবে থকা উদ্যানতো পানীৰ ঢৌৱে পাৰত খহনীয়াৰ সৃষ্টি কৰিছে । মুঠতে ক’বলৈ গ’লে চাৰিওফালে এতিয়া পানী আৰু পানী । যাৰ বাবে মানুহৰ সমান্তৰালভাৱে জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : IAF helicopter rescues 13 fishermen marooned in Brahmaputra : ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ থকা মাছমৰীয়াক উদ্ধাৰ বায়ু সেনাৰ