Local, Vocal, Global

টেট মাষ্টৰ… পোহৰলৈ আহিল ভিক্টৰ দাসৰ প্ৰকৃত পৰিচয়!

গুৱাহাটীঃ ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতেই ৰাজ্যত চৰ্চিত হৈ আছে ভিক্টৰ দাসৰ নাম। ভিক্টৰ দাস এটা কোচিং চেণ্টাৰৰ সৈতে জড়িত বুলি বাতৰি প্ৰকাশ হৈ অহাৰ সময়তে পোহৰলৈ আহিছে আন কেতবোৰ তথ্য।

প্ৰাপ্ত তথ্য অনুসৰি ভিক্টৰ দাস কেৱল কোচিং চেণ্টাৰৰ লগতেই নহয়, চৰকাৰী চাকৰিৰ সৈতেও জড়িত। ভিক্টৰ দাসে বিগত কেবাবছৰ ধৰি প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক হিচাপে শিক্ষকতা কৰি আহিছে।

ভিক্টৰ দাস বৰ্তমান কামৰূপ জিলাৰ কমলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পানীটেমাৰ এখন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত বুলি জানিব পৰা গৈছে। এই বিদ্যালয়খনৰ নাম হৈছে পূব পানীটেমা ৰাধা-কৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়।

শিক্ষক ভিক্টৰ দাসে স্কুলত পাঠদান কৰি থকা সময়তো মোবাইলযোগে অনলাইন ক্লাছ কৰি আহিছিল বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ভিক্টৰ দাসে সময়মতে বিদ্যালয়ত উপস্থিত নহয় বুলিও স্থানীয় ৰাইজে ৰাজ্যৰ এটি ছেটেলাইট চেনেলৰ আগত মন্তব্য কৰা দেখা গৈছে।

ইফালে এই কথা পোহৰলৈ অহাৰ পিছতে কিদৰে চৰকাৰী শিক্ষক হৈয়ো ভিক্টৰ দাসে দুটাকৈ ব্যক্তিগত কোচিং চেণ্টাৰৰ সৈতে জড়িত হৈ আছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে ভিন্নজনে। উল্লেখ্য যে দিনদিয়েক পূৰ্বে সাংবাদিকতা আৰু লাইফ ইঞ্চিওৰেন্সৰ সৈতে জড়িত শিক্ষকসকলক আন কাম ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৰাজ্যৰ শিক্ষা বিভাগে।