শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ

নিউজ ডেস্ক, ৬ মাৰ্চঃ দেওবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত গ্ৰেণেড আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষী বিষয়াসহ ২১ জন লোক আহত হয়। অৱশ্যে আঘাটপ্ৰাপ্ত লোকসকলক এতিয়াও চিনাক্ত কৰিব পৰা নাই।
চি আৰ পি এফৰ মতে, কৰ্তব্যৰত নিৰাপত্তা বাহিনী আৰু আৰক্ষী বিষয়াসকলক লক্ষ্য কৰি এই আক্ৰমণ কৰিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, সমগ্ৰ অঞ্চলটোক ঘেৰাও কৰা হৈছে আৰু উগ্ৰপন্থীসকলক ধৰিবলৈ তালাচী অভিযান চলায় আছে।