Local, Vocal, Global

Terrorist attack in Kashmir : জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ;চিকিৎসকসহ নিহত ৬ গৰাকী শ্ৰমিক

নিউজ ডেস্ক,২১অক্টোবৰ : জম্মু-কাশ্মীৰৰ গণ্ডাৰবল সোণামাৰ্গত সন্ত্ৰাসবাদীৰ আক্ৰমণ।শ্ৰীনাগা-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত অচিনাক্ত সন্ত্ৰাসবাদীৰ গুলীচালনা(Terrorist attack in Kashmir)।

সন্ত্ৰাসবাদীৰ গুলীত চিকিৎসকসহ নিহত ৬ গৰাকী শ্ৰমিকৰ। মৃত্যু লোককেইজন ডাঃ শ্বাহনৱাজ, গুৰমিত সিং, অনিল কুমাৰ শুক্লা, মহম্মদ ফহিমৰ বুলি চিনাক্ত কৰা হৈছে । গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে আন ৫ জন লোক(Six workers,doctor killed in terrorist attack in Kashmir)।

দেওবাৰে সন্ধিয়া গগাংগীৰ জেড মোড টানেলৰ কেম্প ছাইটৰ সমীপত সংঘটিত হয় এই গুলীচালনাৰ ঘটনাটো । সুৰংগ নিৰ্মাণৰ কামত ব্যস্ত থকাৰ মাজতে অতৰ্কিত আক্ৰমণ। ঘটনাৰ পাছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ব্যাপক তালাচী অভিযান আৰম্ভ কৰে। বৰ্তমান নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

ইফালে এই ঘটনা তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াক ‘‘কাপুৰুষৰ ঘৃণনীয় কাৰ্য’’ বুলিও তেওঁ অভিহিত কৰে ।তেওঁ আশ্বাস দিছে যে দোষীয়ে নিৰাপত্তা বাহিনীৰ তীব্ৰ প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব । তেওঁ এক্সৰ এক পোষ্টত লিখিছে, “মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো ।”

লগতে পঢ়ক :Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !