Terrorist attack in Jammu’s Kathua: সেনাৰ বাহনক লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ
নিউজ ডেস্ক,৯ জুলাইঃ জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সন্থাসবাদীয়ে সংঘটিত কৰে এক বৃহৎ আক্ৰমণ। খবৰ অনুসৰি, সেনা বাহিনীৰ বাহনক লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ এটা দলে । (A group of militants opened fire on an army vehicle) .লগে লগে তাৰ প্ৰতুত্তৰ দিয়ে ভাৰতীয় সেনাইও । সেনাৰ সূত্ৰৰ মতে সন্থাসবাদী গোটটোৱে পৰিকল্পিতভাৱে এই আক্ৰমণ সংঘটিত কৰিছিল । ইতিমধ্যে সেনাৰ অতিৰিক্ত দল সেই স্থানত উপস্থিত হৈছে । জিলাখনৰ বিলৱাৰ তহচিলৰ মাছহেদি অঞ্চলত এই আক্ৰমণ সংঘটিত কৰিছে সন্ধাসবাদীয়ে । উল্লেখ্য যে, সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছতে প্ৰতিশোধ লয় সেনা জোৱানে।(Army personnel retaliate after terrorist firing). ইয়াৰ পূৰ্বে শনিবাৰে কাশ্মীৰৰ কুলগামত দুটা এনকাউণ্টাৰত ছয়জন সন্ত্ৰাসবাদী নিহত হয়। সেই সময়ছোৱাত দুজন সেনা জোৱান শ্বহীদ হৈছিল।
দেওবাৰে বিষয়াসকলে জনাইছিল যে, মদৰগাম এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে দেওবাৰে চিন্নিগামৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সেনাৰ সুত্ৰৰ মতে, শনিবাৰৰ পৰা কুলগাম জিলাৰ দুখন গাঁৱত সেনাৰ এই অভিযান আৰম্ভ হয় ।
সন্ত্ৰাসবাদীৰ সৈতে হোৱা এই মুখামুখিত সংঘৰ্ষত পেৰা কমাণ্ডোসহ দুজন জোৱান শ্বহীদ হৈছিল । এই অভিযানসমূহৰ বিষয়ে কোৱাৰ সময়ত আৰক্ষী সঞ্চালক প্ৰধান আৰ আৰ শ্বোৱাইনে কয় যে, ৬ জন সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰাটো এক ডাঙৰ কৃতিত্ব। এই সফলতাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ যুঁজখনৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হোৱাৰ ইংগিত দিছে ।