Terrible road accident in Uttar Pradesh : বিবাহ অনুষ্ঠানলৈ গৈ থকা তিনি যুৱকক মহতিয়াই নিলে ট্ৰাকে
নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : নিয়ন্ত্ৰণহীন ট্ৰাকে মহতিয়াই নিলে তিনি যুৱকক ।
উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ সদৰকোটৱালী অঞ্চলৰ চুৰক অঞ্চলৰ মুছাহী চাৰ্কা টোলাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো(Terrible road accident in Uttar Pradesh)।
জানিব পৰা মতে, বিবাহ অনুষ্ঠানলৈ আহি থকা অৱস্থাত এখন নিয়ন্ত্ৰণহীন ট্ৰাকে মহতিয়াই নিলে বিবাহ অনুষ্ঠানলৈ অহা ৩ জন যুৱকক । ৰবাৰ্টচগঞ্জ কোটৱালী অঞ্চলৰ মুছাহী চৰ্কা টোলাৰ বাসিন্দা বুলু দেৱীৰ জীয়ৰী উৰ্মিলাৰ বিবাহ অনুষ্ঠান সম্পন্ন হৈছিল মৈনপুৰীত । আনহাতে সোনভদ্ৰাৰ ঘোৰাৱালত উৰ্মিলাৰ ভাতৃ দিলীপৰো বিয়া ঠিক কৰা হৈছিল । যিখন বিয়া ২১ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল । উক্ত অনুষ্ঠানত উপস্থিত থাকিবলৈ শনিবাৰে উৰ্মিলাৰ শহুৰেকৰ আত্মীয়সকল উপস্থিত হৈছিল আৰু বিবাহৰ অনুষ্ঠানলৈ যোৱাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা(Terrible road accident in Uttar Pradesh) ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজন ।ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক : Road crash in Rajasthan leaves nine dead : ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ;নিহত ৯জন