Local, Vocal, Global

Terrible Road Accident: ভয়ংকৰ পথ দুৰ্ঘটনা;থিতাতে নিহত হয় ৭গৰাকী লোক,আহত ১২গৰাকীকৈ লোক

নিউজ ডেস্ক, ৬ছেপ্টেম্বৰ : তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা(Terrible Road Accident) । মঙলবাৰে নিশা তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। এখন ট্ৰাক আৰু এখন মালবাহী টাটা মেজিক গাড়ীৰ মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় ৭গৰাকীকৈ লোক । আহত হয় ১২গৰাকীকৈ লোক । নিশা প্ৰায় ১০.৩০ বজাত কাকপথাৰ বৰ ডিৰাকত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS 23 CC 8930 আৰু টাটা মেজিকখনৰ নম্বৰ AR 20 A 1093 বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, ডুমডুমাৰ মঙলবৰীয়া বজাৰৰ পৰা ডিৰাক সোণজান গাঁৱৰ বাসগৃহলৈ মালবাহী টাটা মেজিকখন গৈ থকা অৱস্থাত ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ট্ৰাকৰ চালকগৰাকীয়ে অত্যধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে(Road Accident) ৷

উল্লেখ্য যে ৰাইজে অভিযোগ কৰা অনুসৰি উক্ত স্থানত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু স্পীড বেকাৰ নিৰ্মাণৰ বাবে ৰাইজে প্ৰশাসনক বাৰম্বাৰ আবেদন কৰাৰ পাছতো কোনো গুৰুত্ব দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যদিহে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অধিক ভয়ংকৰ পথ দুৰ্ঘটনা হ’ব বুলি মন্তব্য কৰে ৰাইজে(Terrible Road Accident in Tinsukia) ৷ এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ।

এই ভয়ংকৰ ঘটনাৰ পিছতে আহতসকলক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় ৷

দুৰ্ঘটনাত নিহত কেইগৰাকী ক্ৰমে বিনিতা (বিলি) বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ আৰু পল্লৱী দহোটীয়া ৷ আনহাতে আহতসকল অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোণালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষীমণি মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ আৰু মাকন গগৈ বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক :Subhalakshmi Dutta case : যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শুভলক্ষ্মী দত্ত !