Terrible Road Accident in Tamulpur : নিয়ন্ত্ৰণ হেৰুৱাই গাঁতত পৰিল বাইক;নিহত এজন, আহত এজন

নিউজ ডেস্ক, ১১মাৰ্চ : নিয়ন্ত্ৰণ হেৰুৱাই গাঁতত পৰিল বাইক । নিহত এজন, আহত এজন(Terrible Road Accident in Tamulpur) ।
ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথৰ পানী টেংকিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এ এছ – ০১- এফ ভি- ১৮৭৯ ৰ নম্বৰৰ বাইকখন ভূটান দিশৰ পৰা তামুলপুৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গাঁতত সোমাই যায় ফলত থিতাতে নিহত হয় এজন, আহত হয় আন এজন।
এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত আৰক্ষীয়ে নিহত জনৰ লগতে আহত জনক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আহত লোকজনক প্ৰাথমিক চিকিৎসা কৰাৰ পাছত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে নিহত জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠায়(Terrible Road Accident in Tamulpur)৷
এই ভয়ংকৰ ঘটনাত নিহত লোক জন হল ভাস্কৰ দৈমাৰী (২০) । আহত লোক জন হল হীৰকজ্যোতি শৰণীয়া (২২) বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : Massive Fire Breaks Out at Abhayapuri : বিধংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৩ টাকৈ বাসগৃহ