Terrible Road Accident in Rangia : নিয়ন্ত্রণ হেৰুৱাই মটৰচাইকেলৰ খুন্দা ট্রাকত,নিহত বাইক আৰোহী
নিউজ ডেস্ক, ১৩মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত বাইক আৰোহী(Terrible Road Accident in Rangia) ।
ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
জানিব পৰা মতে, নিয়ন্ত্রণ হেৰুৱাই এখন মটৰচাইকেলে খুন্দা মাৰে ট্রাকত । ফলত থিতাতে নিহত হয় বাইক আৰোহীজন । নিহত বাইক আৰোহীজন যতীন কলিতা বুলি জানিব পৰা গৈছে(Terrible Road Accident) ।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।